NORTHEAST NOW (Assamese)
Popular Stories

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অথন্তৰ: ড্ৰোন বাগৰি আঘাত হানিলে দুজনক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2022 9:07 pm
Republic Day

সমগ্ৰ দেশতে আজি পালন কৰা হ’ল ৭৩ সংখ্যক গণৰাজ্য দিৱস। পিছে মধ্য প্ৰদেশত গণৰাজ্য দিৱস উপলক্ষ্যে আয়োজিত অনুষ্ঠানত হঠাতে লাগিল অথন্তৰ। বাগৰি পৰা এখন ড্ৰোনে আঘাত হানিলে দুজনকৈ লোকক।

জবলপুৰৰ এখন ষ্টেডিয়ামত অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত মধ্যপ্ৰদেশৰ কৃষি বিভাগৰ প্ৰতীকপটৰ অংশ হৈ থকা এখন ড্ৰোন হঠাতে বিজুতি ঘটি তললৈ বাগৰি পৰে। বাগৰি পৰা ড্ৰোনৰ ফলত আঘাতপ্ৰাপ্ত হয় দুজন লোক।

পণ্ডিত ৰবি শংকৰ শুক্লা ষ্টেডিয়ামত অনুষ্ঠিত অনুষ্ঠানটোত জনজাতীয় নৃত্য পৰিৱেশন কৰিবলৈ জবলপুৰলৈ আহিছিল আঘাতপ্ৰাপ্ত ব্যক্তি দুজন।

আঘাতপ্ৰাপ্ত ব্যক্তি দুজনক ইন্দু কুঞ্জম (৩৮) আৰু গঙ্গোত্ৰী কুঞ্জম (১৮)বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোক বৰ্তমান এখন স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোহিত কাশৱানীয়ে জানিবলৈ দিয়ে।

কৃষি বিভাগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে।