NORTHEAST NOW (Assamese)
অসম

লেখিকা বাণী বৰুৱাৰ ‘হোমিওপেথিক চিকিৎসা ৰত্নাকৰ’ শীৰ্ষক অনুবাদ গ্ৰন্থ উন্মোচন

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও February 4, 2022 9:13 pm
লেখিকা বাণী বৰুৱাৰ ‘হোমিওপেথিক চিকিৎসা ৰত্নাকৰ’ শীৰ্ষক অনুবাদ গ্ৰন্থ উন্মোচন

বঙাইগাঁও চহৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত চহৰখনৰ বিশিষ্ট লেখিকা বাণী বৰুৱাৰ ‘হোমিওপ্যাথিক চিকিৎসা ৰত্নাকৰ গ্ৰন্থ’ শীৰ্ষক অনুবাদ গ্ৰন্থখন উন্মোচন কৰা হয় ৷

গ্ৰন্থখন উন্মোচন কৰে হোমিওপ্যাথিক চিকিৎসক বিশ্বজিৎ মুখাৰ্জীয়ে ৷

এই উপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট নাগৰিক দিলীপ কুমাৰ ভাগৱতী আৰু বিপুলানন্দ শৰ্মাই পশ্চিম অসমৰ ব্যৱসায়িক তথা ব্যস্ততাপূৰ্ণ চহৰ বঙাইগাঁৱত হোমিওপ্যাথিক চিকিৎসাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত বক্তব্য ৰাখে৷

মূল বাংলাৰ পৰা অনুদিত গ্ৰন্থৰ অনুবাদক বাণী বৰুৱাই হোমিওপ্যাথিক চিকিৎসাত বিশ্বাসী তথা বঙাইগাঁও নিশা অপটিকেলৰ স্বত্বাধিকাৰী অৰুণ কুমাৰ কৰ্মকাৰৰ অনুৰোধমৰ্মে গ্ৰন্থখন অনুবাদ কৰা বুলি উল্লেখ কৰে ৷

অনুষ্ঠানত মানৱেন্দ্ৰ ৰায়, কিশোৰ দাস, অৰুণ কুমাৰ কৰ্মকাৰ আৰু ডাঃমৃণাল কান্তি সিংহ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷