NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

শাম কাটিছে যুদ্ধ সদৃশ পৰিস্থিতিৰ; যুদ্ধবিৰতিত সন্মতি ৰাছিয়া-ইউক্ৰেনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2022 11:39 am
Russia Ukraine conflict

অৱশেষত যুদ্ধৰ দাবানলৰ আশংকাৰ মাজতে সাময়িক সকাহ! পেৰিছত আঠ ঘণ্টাতকৈও অধিক সময়ৰ ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত ইউক্ৰেইনৰ পূবত যুদ্ধবিৰতি পালন কৰিবলৈ সন্মত হৈছে ৰাছিয়া আৰু ইউক্ৰেন।

ইউক্ৰেইনৰ পূব সীমান্তৰ ওচৰত ৰাছিয়াৰ সৈন্য বাহিনীৰ উপস্থিতিয়ে আশংকাৰ সৃষ্টি কৰিছিল।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ এজন সহায়কে কয় যে ২০১৪ চনৰ পৰা পূৱ ইউক্ৰেনত হোৱা বিচ্ছিন্নতাবাদী যুঁজৰ সমাধানৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়।

কঠিন আলোচনাৰ ফলত অৱশেষত ইতিবাচক পৰিণতি ঘটিছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয়, “সাম্প্ৰতিক পৰিস্থিতিত আমি এটা ভাল সংকেত পাইছো।”

উল্লেখ্য যে ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে ইউক্ৰেন আৰু ৰাছিয়াই ফ্ৰান্স আৰু জাৰ্মানীৰ সৈতে দেশখনৰ পূবত ইউক্ৰেনৰ বাহিনী আৰু বিচ্ছিন্নতাবাদী সকলৰ মাজত চলি থকা সংঘৰ্ষৰ বিষয়ে এক যুটীয়া বিবৃতিত স্বাক্ষৰ কৰিবলৈ সন্মত হয়।

যুটীয়া বিবৃতি অনুসৰি দুয়োপক্ষই যুদ্ধবিৰতিৰ প্ৰতি এক চৰ্তহীন সন্মতিৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে দুসপ্তাহৰ ভিতৰত বাৰ্লিণত পুনৰ মিলিত হ’ব বুলি বিবৃতিটোত উল্লেখ কৰা হয়।