NORTHEAST NOW (Assamese)
দেশ

বিজেপিক বঙ্গোপসাগৰত দলিয়াই পেলাই দিয়া উচিত: তেলেঙ্গনাৰ মুখ্যমন্ত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 2, 2022 1:53 pm
Telangana CM Chandrashekar Rao on budget

বিজেপি চৰকাৰক আঁতৰাই বংগোপসাগৰত পেলাই দিয়াৰ প্ৰয়োজন আছে।এই মন্তব্য কৰিছে তেলেঙ্গনাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে।

মঙ্গলবাৰে সংসদত উপস্থাপন কৰা কেন্দ্ৰীয় বাজেট ২০২২ ৰ ওপৰত হতাশা ব্যক্ত কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

তদুপৰি চন্দ্ৰশেখৰ ৰাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অদূৰদৰ্শী বুলিও অভিহিত কৰে। তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনক সিংহাসনচ্যুত কৰি বংগোপসাগৰত নিক্ষেপ কৰা প্ৰয়োজন।

দেশত নেতৃত্বৰ পৰিৱৰ্তন হোৱা প্ৰয়োজন বুলি উল্লেখ কৰি ৰাৱে শীঘ্ৰেই শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেক সাক্ষাৎ কৰি বিষয়টো আলোচনা কৰিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ লগতে কয়, “ছিংগাপুৰ চৰকাৰৰ মগজুৰ বাহিৰে আন একো নাই, আমাৰ চৰকাৰৰ সকলো আছে কিন্তু তেওঁলোকৰ মগজু নাই।”