NORTHEAST NOW (Assamese)
অসম

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা জাষ্টিন লেংগাৰৰ পদত্যাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2022 11:11 am
justin-langer

অষ্ট্ৰেলিয়াৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰিছে জাষ্টিন লেংগাৰে। শনিবাৰে লেংগাৰৰ মেনেজমেন্ট সংস্থাৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে।

ডাইনেমিক স্প’ৰ্টছ এণ্ড এন্টাৰটেইনমেন্ট গ্ৰুপে টুইট কৰি জনায়,’’আমাৰ ক্লায়েন্ট জাষ্টিন লেংগাৰে আজি পুৱাই অষ্ট্ৰেলিয়াৰ পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰিছে।‘’

তেওঁলোকে লগতে লিখিছে,’’ শুকুৰবাৰে  সন্ধিয়া ক্ৰিকেট অষ্ট্ৰেলিয়াৰ সৈতে অনুষ্ঠিত বৈঠকৰ পিছত এই পদত্যাগৰ সিদ্ধান্ত লোৱা হয়। শীঘ্ৰেই পদত্যাগ কাৰ্যকৰী হ’ব।‘’

লগতে পঢ়ক: জুকাৰবাৰ্গৰ বেয়া দিন! ধনীৰ তালিকাত তেওঁক অতিক্ৰমি আগবাঢ়িল আদানি আৰু আম্বানি 

জানিব পৰা মতে, শুকুৰবাৰে অনুষ্ঠিত দীঘলীয়া বৈঠকৰ পিছত লেংগাৰৰ ভৱিষ্যত অনিশ্চিত হৈ পৰে। তেওঁ ২০১৮চনত দক্ষিণ আফ্ৰিকাত বল টেম্পাৰিং কেলেংকাৰীৰ পিছত এই পদ গ্ৰহণ কৰিছিল। চলিত বছৰতে তেওঁৰ চুক্তিৰ ম্যাদ শেষ হোৱাৰ কথা আছিল।

লেংগাৰৰ কাৰ্যকালতে ২০২১-২২বৰ্ষৰ এছেজ শৃংখলাত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৪-০ ব্যধানত পৰাজিত কৰিছে।

ইপিনে, ১১ ফেব্ৰুৱাৰীৰ পৰা পাঁচখন টী-২০ মেচ ছিৰিজৰ পৰা অষ্ট্ৰেলিয়ালৈ আহিব শ্ৰীলংকা। তাৰ পাছতে মাৰ্চত তিনিখন টেষ্ট, তিনিখন এদিনীয়া আৰু এখন টী-২০ মেচৰ সূচীলৈ পাকিস্তান ভ্ৰমণলৈ যাব অষ্ট্ৰেলিয়া দলটো।

উল্লেখ্য যে ২৪বছৰৰ পিছত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে প্ৰথমবাৰ পাকিস্তানত চিৰিজ খেলিব।