NORTHEAST NOW (Assamese)
Popular Stories

সুৰ সম্ৰাজ্ঞীৰ অন্তিম যাত্ৰাৰ এখন ভাইৰেল ছবিয়ে তুলি ধৰিলে ‘ভাৰতীয়তা’ৰ প্ৰতিফলন!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 7, 2022 10:45 am
Srk

সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ মহাকাব্যিক জীৱনৰ বিষয়ে ক’বলৈ গ’লেই এটা কথাই আউল লগাব, আৰু সেয়া হ’ল ’কাহা শুৰু, কাহা খতম’। প্ৰতিগৰাকী ভাৰতীয় অন্তৰ জয় কৰা কোকিলকণ্ঠী সকলো ৰাজনীতিৰ উৰ্দ্ধত।

বিদায়ৰ দিনটোতে সেই কথা যেন আকৌ এবাৰ প্ৰমান হ’ল। সকলো দ্বেষ-বিদ্বেষ পাহৰি সকলোৱে ভাৰতৰত্ন লতাজীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিল। গোটেই দিনটো কেবল তেওঁৰ সুৰৰ মায়াজালত বন্দী হৈ অজস্ৰ অনুৰাগীয়ে জনালে অকৃত্ৰিম শ্ৰদ্ধাঞ্জলি।

দেওবাৰে শিৱাজী পাৰ্কত লতাজীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল শ্বাহৰুখ খান। তেওঁৰ সৈতে আহিছিল তেওঁৰ মেনেজাৰ পূজা দাদলানি। তেওঁলোকৰ শেষ শ্ৰদ্ধাঞ্জলিৰ ছবি এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

tribute to lataji

ছবিখনত শ্বাহৰুখ খানে দুহাত তুলি ‘দোৱা’ কৰাৰ ভংগীৰে আল্লাৰ ওচৰত প্ৰাৰ্থনাত মগ্ন থকাৰ বিপৰীতে তেওঁৰ মেনেজাৰ পূজাই হাতযোৰ কৰি শ্ৰদ্ধা জনাইছে। প্ৰাৰ্থনাৰ ভংগী পৃথক হ’লেও শ্ৰদ্ধা জনোৱাৰ ভাষা যে সুকীয়া নহয় তাৰেই যেন প্ৰতিফলন ঘটিছে এই ছবিত।

লগতে পঢ়ক: বেটে-বলে উজলিল টীম ইণ্ডিয়া; ৰোহিতৰ নেতৃত্বত প্ৰথম এদিনীয়াত ৬ উইকেটত হৰুৱালে ৱেষ্ট ইণ্ডিজক

দেশৰ কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ কণ্ঠই কেনেদৰে দেশৰ সমন্বয় আৰু একতাক এক সূত্ৰৰে বান্ধি ৰাখিব পাৰে তাকেই প্ৰমান কৰি দিলে শ্বাহৰুখ আৰু পূজাৰ ছবিখনে।

ছচিয়েল মিডিয়াত ভাৰতীয়তাৰ প্ৰতিফলন ঘটা এই ছবিখনক লৈ অজস্ৰ নেটিজেনে সাধুবাদ জনাইছে।