NORTHEAST NOW (Assamese)
অসম

বিধানসভাৰ চৌহদত নিৰ্মাণ হব বিধায়কৰ বাসগৃহ: বিশ্বজিৎ দৈমাৰী

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ February 11, 2022 3:16 pm

বিধানসভাৰ চৌহদত নিৰ্মাণ হব বিধায়কৰ বাসগৃহ।

পাৰ্কিঙৰ অসুবিধাৰ বাবে বিধানসভাৰ চৌহদত অনা হৈছে ৫ খনকৈ গ’ল্ফ কাৰ।

এখন গ’ল্ফ কাৰৰ দাম ৫ ৰ পৰা ৬ লাখ টকা।

সকলো ঠিকে থাকিলে বিধানসভাৰ চৌহদত অত্যাধুনিক এম্বুলেন্স অনা হব যত আই চি ও ৰ ব্যৱস্থাও থাকিব।

এই মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ।

বিধানসভা চৌহদত সম্পূৰ্ণভাৱে ডিজিটেল পদ্ধতি অৱলম্বন কৰা হব বুলিও অধ্যক্ষ গৰাকীয়ে প্ৰকাশ কৰে।

আজি এই কথা বিশ্বনাথত উপস্থিত হৈ সদৰি কৰিলে অধ্যক্ষ গৰাকীয়ে।