NORTHEAST NOW (Assamese)
অসম

চৰাইদেউৰ লাংকুৰি দেওশালত তাই ৰীতি-নীতিৰে পূজা অৰ্চনা

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ February 11, 2022 7:30 pm

চৰাইদেউৰ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ দশেৰা প্ৰস্তুতৰ প্ৰাকমুহূৰ্তত লাংকুৰি দেওশালত তাই ৰীতি-নীতিৰে পূজা অৰ্চনা। পূজাত অংশগ্ৰহণ কৰে ৰাজ্যৰ বহুকেইকেইজন বুৰঞ্জীবিদ, টাই পণ্ডিত,উপস্থিত প্ৰত্নতত্ত্ব সঞ্চালকৰ বিষয়ববীয়াই।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মূল তালিকাত চৰাইদেউ মৈডামক্ষেত্ৰই স্থান পোৱাৰ উদেশ্যে চৰাইদেউৰ লাংকুৰী দেওশালত আজি টাই ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হয়।

লাংকুৰী দেউশালত প্ৰথমে টাই আহোম ৰীতিনীতিৰে লাংকুৰী পূজা পতাৰ পিছতে লাংকুৰী দল প্ৰাংগনত জাচিংফা পূজা সমাপন কৰে টাই পুৰোহিত সকলে৷

উক্ত পূজাতে চৰাইদেউ মৈডাম ক্ষেত্ৰৰ দশেৰা প্ৰস্তুত কৰা প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সাংস্কৃতি বিশেষজ্ঞ ড° কে.চি.ন’ৰিয়ালৰ সুস্বাস্থ্য কামনা কৰে ৷

চৰাইদেউৰ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰত হিচাপে স্থান দিয়াৰ উদেশ্যে পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকনৰ উদ্যোগত আয়োজন কৰা পূজাত অংশগ্ৰহণ কৰে প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দিপীৰেখা কুলি, প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সাংস্কৃতি বিশেষজ্ঞ ড° কে.চি.ন’ৰিয়াল , দয়ানন্দ বৰগোহাঁই, কমল জ্যোতি গগৈ, প্ৰণৱ কুমাৰ গগৈৰ লগতে বহুকেইজন নেতৃস্থানীয় ব্যক্তি৷

উল্লেখযোগ্য যে চৰাইদেউ মৈডাম ক্ষেত্ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে ২৫ কোটি টকাৰ অনুদান আগবঢ়াইছে৷