NORTHEAST NOW (Assamese)
দেশ

লখিমপুৰ খেৰী হত্যাকাণ্ড: জেলৰ পৰা ওলাল মূল অভিযুক্ত আশীষ মিশ্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2022 8:25 pm
Lakhimpur Kheri incident

যোৱা বছৰ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকৰ হত্যাৰ মূল অভিযুক্ত তথা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে।

আশীষ মিশ্ৰৰ অধিবক্তা অৱদেশ কুমাৰ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে আদালতে ৩ লাখকৈ টকা দুটা জামানত দিবলৈ নিৰ্দেশ দিছে।

লগতে আশীষ মিশ্ৰই চহৰ এৰি যোৱাৰ ওপৰতো আদালতে কোনো বাধা আৰোপ কৰা নাই বুলি জানিবলৈ দিয়ে অধিবক্তা অৱদেশ কুমাৰ সিঙে।

উল্লেখ্য যে নিম্ন আদালতে জামিন আবেদন নাকচ কৰাৰ পিছত যোৱা সপ্তাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে আশীষ মিশ্ৰক জামিন প্ৰদান কৰিছিল।

মিশ্ৰক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ পাছতে কৃষক নেতা আৰু বিৰোধী ৰাজনৈতিক নেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কৃষক নেতা ৰাকেশ টিকাইটে সংবাদ মাধ্যমৰ আগত কয় যে কৃষি আইনৰ বিৰুদ্ধে যুঁজ দিয়া কৃষক সংগঠনসমূহৰ ঐক্যবদ্ধ সংস্থা সংযুক্ত কিষাণ মৰ্চাই ইয়াৰ বিৰুদ্ধে আপীল দাখিল কৰিবলৈ নথিপত্ৰ সংগ্ৰহ কৰি আছে।

কৃষকসকলে দাবী কৰিছে যে গোচৰটো দুৰ্বল কৰিবলৈ আৰক্ষীক হেঁচা দিয়া হৈছিল আৰু ইয়াৰ ফলত আশীষ মিশ্ৰৰ জামিন হৈছে।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা, আৰএলডিৰ মুৰব্বী জয়ন্ত চৌধুৰী আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰাই অভিযোগ কৰিছে যে শাসকীয় বিজেপিয়ে নিজৰ দলীয় মানুহৰ সুৰক্ষা প্ৰদান কৰিছে।