NORTHEAST NOW (Assamese)
অসম

বোধোদয়! জনতাৰ প্ৰতিবাদত পথৰ নাম সলনিৰ প্ৰস্তাৱ বাতিল চৰকাৰৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 19, 2022 8:11 am

ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ বহু পথ, স্থান আদিৰ নাম সলনিৰ বাবে ৰাইজৰ পৰা মতামত আহ্বান কৰি এটা পৰ্টেল মুকলি কৰিছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰাৰ দৰেই অসমতো চৰকাৰে ঠাই, পথ আদিৰ নাম সলনি কৰিব বিচৰাৰ সিদ্ধান্তই বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইয়াৰ মাজতে ৰাজ্য চৰকাৰে শেহতীয়াকৈ বাতৰি কাকতত বিজ্ঞাপন দি পাণ্ডুঘাট হৈ কামাখ্যা মন্দিৰলৈ যোৱা পথছোৱাৰ নাম ‘স্বামী মুক্তানন্দ সৰস্বতী পথ’ হিচাবে নতুনকৈ ৰখাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল।

কিন্তু অসমৰ জনতাই কোনো দিনে নাম নুশুনা স্বামী মুক্তানন্দ সৰস্বতীৰ নামেৰে পথছোৱাৰ নামকৰণ কৰিব বিচৰাৰ কথাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ছ’চিয়েল মিডিয়াত বহুতে অসমৰ সমাজ জীৱনৰ সৈতে কোনো সম্পৰ্ক নথকা, ৰাজ্যবাসীৰ বাবে অপৰিচিত এগৰাকী ব্যক্তিৰ নামেৰে পথৰ নামকৰণ কৰিব বিচৰাৰ বিষয়টোকলৈ চৰকাৰক কঠোৰ সমালোচনা কৰিছিল।

এনে সমালোচনা তথা প্ৰতিবাদৰ ওচৰত সেওঁ মানি অৱশেষত চৰকাৰে পাণ্ডুঘাট হৈ কামাখ্যা মন্দিৰলৈ যোৱা পথছোৱাৰ নামকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ কথা ঘোষণা কৰিছে।

অসম চৰকাৰৰ নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে জনতাৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিততে পাণ্ডুঘাট হৈ কামাখ্যা মন্দিৰলৈ যোৱা পথছোৱাৰ নাম ‘স্বামী মুক্তানন্দ সৰস্বতী পথ’ হিচাবে ৰখাৰ সিদ্ধান্ত বাতিল কৰাৰ কথা টুইটযোগে প্ৰকাশ কৰিছে।