NORTHEAST NOW (Assamese)
অসম

মাৰাত্মক ড্ৰাগছে ল’লে প্ৰাণ: মুছলপুৰত ড্ৰাগছ আসক্ত যুৱকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2022 9:01 pm
Drug addict youth dies

ৰাজ্যত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। হ্ৰাস নাই পোৱা ড্ৰাগছ আসক্ত লোকৰ সংখ্যা। ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছ এক গুৰুতৰ সমস্যা হৈ আহিছে।

অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই বাক্সাৰ মুছলপুৰত মৃত্যু হৈছে এজন যুৱকৰ। মৃত যুৱকজনৰ নাম মনোজ ডেকা বুলি চিনাক্ত কৰা হৈছে।

মৃতদেহটো বৰমা আৰক্ষী থানাৰ অন্তৰ্গত এটা পেট্ৰ’ল পাম্পত পোৱা গৈছে। মৃত যুৱকজনৰ পৰা দুটা বেজী আৰু এটা ড্ৰাগছৰ কন্টেইনাৰো উদ্ধাৰ কৰা হৈছে।

মৃত যুৱকজনৰ মাতৃয়ে অসম চৰকাৰক ৰাজ্যৰ পৰা ড্ৰাগছ নিৰ্মূলৰ বাবে দৃঢ় পদক্ষেপ লবলৈ আহ্বান জনাইছে। ড্ৰাগছৰ বাবেই ৰাজ্যখন ধ্বংস হ’ব বুলিও অসহায় মাতৃগৰকীয়ে কয়।

মৃত মনোজ ডেকাৰ পিতৃয়েও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনক ড্ৰাগছৰ বিপদৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ কৰে।

এনে সময়তে অসম আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে অভিযান কেৱল ড্ৰাগছ সৰবাৰহকাৰীক আটক কৰি এনকাউন্টাৰ কৰাতে সীমিত হৈ আছে বুলি প্ৰশ্ন উত্থাপন হৈছে।