NORTHEAST NOW (Assamese)
ক্ৰীড়া

ৰঞ্জীৰ প্ৰথমখন মেচতে অভিনৱ সাফল্য ১৯ অনুৰ্দ্ধ বিশ্বকাপ বিজয়ী অধিনায়ক য়শ ধুলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2022 4:49 pm
Yash Dhull

শেহতীয়াকৈ ১৯ অনুৰ্দ্ধ বিশ্বকাপৰ খিতাপ জয়ৰ পিছতে ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰা ভাৰতীয় ১৯ অনুৰ্দ্ধ দলটোৰ অধিনায়ক য়শ ধুলে ঘৰুৱা ক্ৰিকেটৰ শীৰ্ষ টুৰ্নামেণ্ট ৰঞ্জী ট্ৰফীৰ অভিষেক মেচতে এক অভিনৱ সাফল্য অৰ্জন কৰিছে।

গুৱাহাটীত চলি থকা তামিলনাডুৰ বিৰুদ্ধে দিল্লীৰ হৈ এলিট গ্ৰুপ মেচত চমকপ্ৰদ প্ৰদৰ্শনেৰে আত্মপ্ৰকাশ কৰে।

প্ৰথম ইনিংছত শতক অৰ্জন কৰা ধুলে দ্বিতীয় ইনিংছতো শতকীয় ইনিংছ খেলি এক ঈৰ্ষণীয় সাফল্যৰ অধিকাৰী হয়।

এইদৰে তেওঁ ৰঞ্জীৰ অভিষেক মেচত দুয়োটো ইনিংছতে শতক অৰ্জন কৰা তৃতীয় জন বেটাৰ হিচাপে পৰিণত হয়।

গুজৰাটৰ নাৰি কণ্ট্ৰেক্টৰে ৰঞ্জীৰ ইতিহাসত প্ৰথম এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে মহাৰাষ্ট্ৰৰ বিৰাগ আৱাত এনে সাফল্য অৰ্জন কৰা দ্বিতীয় জন খেলুৱৈ আছিল।

য়শ ধুলে তামিলনাডুৰ বিৰুদ্ধে প্ৰথম ইনিংছত ১১৩ ৰাণ কৰিছিল। দ্বিতীয় ইনিংছতো তেওঁ ১০০ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। মেচখন অমীমাংসিত ৰূপত সমাপ্ত হয়।

শেহতীয়াকৈ আইপিএল- ৰ মেগা নিলামত ধুলক ক্ৰয় কৰা দিল্লী কেপিটেলছে য়শ ধুলৰ এই সাফল্যৰ বাবে অভিনন্দন জনায়।

 

ইতিমধ্যেই নিজৰ প্ৰদৰ্শনৰ দ্বাৰা ভৱিষ্যতৰ তাৰকা হিচাপে পৰিগণিত হোৱাৰ আশাৰ সৃষ্টি কৰা য়শ ধুলৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুন্ন থাকিলে খুব সোনকালেই জাতীয় দলৰ হৈ আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে।