NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক গড়ত এস্কেভেটৰৰ আঁচোৰ

Posted by: এন ই নাও নিউজ ব্যুৰো December 4, 2017 3:38 pm

কাৰ্বি আংলঙৰ দেইথৰ আৰক্ষী থানা আৰু দেইথৰ বজাৰৰ কাষতে থকা ঐতিহাসিক নুমলীগড়ৰে এটা অংশ বুলি অঞ্চলটোৰ কিছু কিছু লোকে দাবী কৰা এটা ঐতিহাসিক গড়ত এটা চক্ৰই নিঃসংকোচে এস্কেভেটৰ চলাই গড়টোৰ ক্ষতি সাধন কৰি আছে। দেইথৰ অঞ্চলৰ এটা বিশেষ সূত্ৰই এই কথা জানিবলৈ দিছে। খননৰ ফলত নুমলীগড়-চিলনীজান পথৰ দাঁতি দাঁতিয়ে যথেষ্ট দীঘলকৈ থকা এই গড়টোৰ কেৱল ক্ষতি সাধন কৰাই নহয়, ইয়াক কাটি মুকলি ঠাই উলিয়াবলৈ চেষ্টা কৰা দেখা গৈছে।

গড়টো কাটি সমান কৰাৰ পিছত এটা অংশ।

এই গড়টো খন্দাৰ অনুমতি তেওঁলোকক কোনে দিলে বা খান্দি থকা পক্ষটো কোন সেয়া এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই। বুৰঞ্জীপ্ৰসিদ্ধ গড়টোৰ সংৰক্ষণৰ চেষ্টাৰ পৰিৱৰ্তে তাক খহাই তাৰ ঠাইত ব্যৱসায়িক বা আৱাসিক এলেকা নিৰ্মাণৰ প্ৰচেষ্টাত সচেতন মহল উদ্বিগ্ন হৈছে। অৱশ্যে কাষৰ-পাঁজৰৰ লোকসকল এই ক্ষেত্ৰত উদাসীন হোৱা বাবেও অবাধে এনে দুষ্কাৰ্য্য সংঘটিত হ’বলৈ পাইছে বুলিও সূত্ৰটোৱে দাবী কৰে।