NORTHEAST NOW (Assamese)
Popular Stories

দেশৰক্ষাৰ পণ লৈ কীয়েভৰ ৰাজপথত নামিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 26, 2022 10:05 am

আন্তৰ্জাতিক বাতৰি সংস্থাসমূহৰ মতে ৰাছিয়াৰ সেনাই কীয়েভ দখল কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তাৰ মাজতে শুকুৰবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ কোনো সন্ধান পোৱা হোৱা নাছিল। অনুমান কৰা হৈছিল তেওঁ নিজৰ সুৰক্ষা আৰু আত্মৰক্ষাৰ বাবে কৰবাত যেন আত্মগোপন কৰি আছিল। হয়তো গোপনে দেশ এৰি যোৱাৰ পৰিকল্পনা কৰিছিল।

কিন্তু ৰাতিপুৱাই এটা ভিডিঅ’ৰ যোগে জেলেনস্কিয়ে সকলোকে জনাই দিলে যে তেওঁ  ক’লৈকো পলাই যোৱা নাই, তেওঁ ইউক্ৰেইনতে দেশৰ জনতাৰ সৈতে আছে।

জেলেনস্কিয়ে কয়,’’ মই ক’লৈকো যোৱা নাই। আপোনালোকৰ লগতে  ইউক্ৰেইনতে দেশ ৰক্ষাৰ বাবে প্ৰাণপনে চেষ্টা কৰি আছো।‘’

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে প্ৰায় আঘা ঘন্টা কথা পাতে জেলেনস্কিয়ে। সামৰিক সাহায্যক লৈ দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে কথা পাতিছিল বুলি জানিবলৈ দিয়ে জেলেনস্কিয়ে।

লগতে পঢ়ক: ৰুছ ভাষাৰ ছবিতো অভিনয় কৰিছিল কৌতুক অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱা জেলেনস্কিয়ে

ইউক্ৰেইনত ৰুছ সেনাৰ আগ্ৰাসন তীব্ৰতৰ হৈ পৰিছে। আকাশী পথেৰে আক্ৰমণ চলাই  এফালৰ পৰা দেশখনৰ সামৰিক ঘাটিসমূহ ধ্বংস কৰি গৈছে। সকলো প্ৰতিৰোধ উফৰাই ৰাজধানী কীয়েভত প্ৰৱেশ কৰিছে ৰুছ সেনা।

এনে পৰিস্থিতি বিভিন্ন সূত্ৰসমূহে জেলেনস্কি বাংকাৰত আশ্ৰয় লোৱা বুলি কৈছিল। কিন্তু ভিডিঅ’ত দেখা গৈছে যে সেনাৰ পোছাক পৰিধান কৰি ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত থিয় হৈ আছে জেলেনস্কি। তেওঁৰ সৈতে আছে ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী, সামৰিক বাহিনীৰ মুৰব্বীকে ধৰি আন বিষয়াসকল।

জেলেনস্কিৰ এই ভিডিঅ’টো ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগৰ টুইটাৰ হেণ্ড’লত প’ষ্ট কৰা হৈছে।

ভিডিঅ’টোত কোৱা হৈছে,’’আমি সকলো ইয়াতে আছো। আমাৰ সেনাও ইয়াত আছে। আমি সকলোৱে আমাৰ দেশ, আমাৰ স্বাধীনতা ৰক্ষা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈছো।‘’

তেওঁৰ এই বাৰ্তাই এটা কথা স্পষ্ট কৰিছে যে ৰাছিয়াই যিমানেই সেনা অভ্যুত্থানৰ বাবে উচটনি নিদিয়ক কিয় ইউক্ৰেইনৰ সেনাবাহিনীয়ে দেশ ৰক্ষাৰ বাবে সংকল্পবদ্ধ হৈছে। অন্তিম মুহূৰ্তলৈকে যুদ্ধ চলাই যাবলৈ সাজু জেলেনস্কি বাহিনী।

শেহতীয়া বাতিৰ অনুসৰি, ইউক্ৰেইনত জৰুৰী অৱস্থা জাৰি কৰা হৈছে। মিছাইল আক্ৰমম, গুলীবৰ্ষণত চহৰবোৰ কঁপি উঠিছে। ৰুছ সেনাই কেইবাটাও প্ৰশাসনিক ভৱন দখল কৰিছে।