NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইনত আৱদ্ধ লোকক উদ্ধাৰ অভিযানৰ অংশ হিচাপে গুৱাহাটীতো মুকলি হেল্পলাইন নম্বৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 27, 2022 7:15 am
Indians-in-Ukrain-750x375

ইউক্ৰেইনত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশখনত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে চৰকাৰে অভিযান অব্যাহত ৰাখিছে।

অসমতো ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থী তথা লোকসকলক উদ্ধাৰ কৰাৰ বাবে বিভিন্ন পক্ষৰ পৰা আহ্বান জনোৱা হৈছে।

তাৰমাজতে কামৰূপ মহানগৰ, গুৱাহাটীৰ পৰা ইউক্ৰেইনত কোনো লোক আৱদ্ধ হৈ থকা বিষয় সংক্রান্তত জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জৰুৰীভাৱে অৱগত কৰিবলৈ জিলা প্ৰশাসনে অনুৰোধ কৰিছে।

এই সংক্রান্তত টোল ফ্রী নম্বৰ ১০৭৭ ত ফোন কৰাৰ বাবে অথবা ৯৩৬৫৪২৯৩১৪ নম্বৰত হোৱাটচ এপ কৰিবলৈ আহ্বান জনোৱা হৈছে।

লগতে পঢ়ক: চিকিৎসা বিজ্ঞান ভাৰততে অধ্যয়ন কৰা, সৰু দেশত নহয়, ছাত্ৰী-ছাত্ৰীলৈ আহ্বান মোদীৰ

উল্লেখ্য যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বহু শিক্ষাৰ্থী, বিশেষকৈ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী ইউক্ৰেইনত আৱদ্ধ হৈ থকাৰ কথা পোহৰলৈ আহিছে।

যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা দেশখনত আৱদ্ধ হৈ থকা ৰাজ্যখনৰ বহুকেইগৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকে তাত সন্মুখীন হোৱা দুৰ্দশাৰ কথা বৰ্ণনা কৰি ভিডিঅ’ প্ৰেৰণ কৰিছে।