• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসা বিজ্ঞান ভাৰততে অধ্যয়ন কৰা, সৰু দেশত নহয়, ছাত্ৰী-ছাত্ৰীলৈ আহ্বান মোদীৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 26, 2022 6:40 pm
a modi-mann-ki-baat-news
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধৰ দামামা বাজি উঠা ইউক্ৰেইনত আৱদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ ভাৰতীয়। যুদ্ধ বিধ্বস্ত দেশ খনত আৱদ্ধ হৈ পৰা ভাৰতীয় লোকসকলৰ সৰহ সংখ্যকেই শিক্ষাৰ্থী।

বিশেষকৈ চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ বাবেই প্ৰতি বছৰে হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ইউক্ৰেইনমুখী হৈ আহিছে। ইউক্ৰেইনত সৃষ্টি হোৱা শেহতীয়া জটিল পৰিস্থিতিৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ বাবে বিদেশী সৰু ৰাষ্ট্ৰলৈ নগৈ ভাৰততে তেনে শিক্ষা গ্ৰহণৰ আহ্বান জনায়।

Apply Now

মোদীয়ে কয়—’ভাষাৰ বাধা থকা স্বত্বেও ভাৰতীয় শিক্ষাৰ্থীসকলে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ বাবে বহু সৰু দেশলৈ গৈ আছে’। তেওঁ শিক্ষাৰ্থীসকলক বিদেশৰ সৰু ৰাষ্ট্ৰলৈ শিক্ষাগ্ৰহণৰ উদ্দেশ্যে যোৱাৰ সলনি ভাৰততে থাকি চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ কথা কয়।

স্বাস্থ্য খণ্ডত কেন্দ্ৰীয় বাজেটে কৰা বিভিন্ন ঘোষণা সন্দৰ্ভত আলোচনা কৰিবলৈ আয়োজিত এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি মোদীয়ে কয় যে ৰাজ্য চৰকাৰসমূহেও নিজ নিজ ৰাজ্যত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব পৰাকৈ অধিক হাৰত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব লাগে। চিকিৎসা শিক্ষা প্ৰতিষ্ঠানৰ বাবে ৰাজ্য চৰকাৰসমূহে অধিক হাৰত ভূমি আৱণ্টনৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁ পৰামৰ্শ আগবঢ়ায়।

মোদীয়ে দেশৰ ব্যক্তিগত খণ্ডকো চিকিৎসা বিজ্ঞানৰ শিক্ষাদানৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

উল্লেখ্য ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছত বহু সংখ্যক ভাৰতীয় শিক্ষাৰ্থী আবদ্ধ হৈ আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় শিক্ষাৰ্থীসকলে বিদেশলৈ অধ্যয়নৰ বাবে যোৱাৰ ফলত দেশৰ পৰা শ শ কোটি টকা বাহিৰলৈ ওলাই গৈ আছে। এনে পৰিস্থিতিৰ সলনি ঘটাবলৈ শিক্ষাৰ্থীসকলে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ বিদেশলৈ নগৈ ভাৰততে তেনে শিক্ষা গ্ৰহণ কৰিলে ভাল বুলি মোদীয়ে পৰামৰ্শ দিয়ে।

উল্লেখ্য, ভাৰতৰ পৰা যোৱা বহু শিক্ষাৰ্থীয়ে বিদেশৰ বহু সৰু দেশত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি উভতি অহাৰ পিছত তেওঁলোকৰ বাবে ভাৰততএক বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হয়। সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে ভাৰতৰ চিকিৎসা সেৱা খণ্ডত নিযুক্তি লাভ কৰাৰ সুবিধা পায়।

ভাৰতৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ সুযোগ নোপোৱা শিক্ষাৰ্থীসকলেই মূলতঃ ইউক্ৰেইন অথবা বিদেশৰ আন বহু দেশলৈ চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ বাবে যোৱা পৰিলক্ষিত হৈছে।

ইউক্ৰেইনৰ শিক্ষা আৰু বিজ্ঞান মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ চনত দেশ খনলৈ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা ২৪ শতাংশ বিদেশী শিক্ষাৰ্থীয়েই আছিল ভাৰতৰ । চলিত বৰ্ষতো ইয়াৰ ব্যতিক্ৰম ঘটা নাই।

ইউক্ৰেইনলৈ ভাৰতৰ উপৰি মৰক্কো, তুৰ্কমেনিস্তান, আজাৰবাইজান, নাইজেৰিয়া, চীন, তুৰস্ক, ইজিপ্ত, ইজৰাইল আৰু উজবেকিস্তানৰ পৰাও বহু শিক্ষাৰ্থীয়ে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ যায়।।

বিশেষকৈ খাৰকিভ চিকিৎসা বিশ্ববিদ্যালয়তে বহু ভাৰতীয় শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে।

চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী প্ৰদানৰ ক্ষেত্ৰত ইউক্ৰেইন ইউৰোপৰ ভিতৰতে চতুৰ্থ স্থানত আছে।

দেশ খনৰ সকলো চিকিৎসা বিশ্ববিদ্যালয় বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনেস্কোৰ দ্বাৰা স্বীকৃত।

ইয়াৰ উপৰি ইউক্ৰেইনৰ চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী পাকিস্তানৰ চিকিৎসা আৰু দন্ত পৰিষদ, ইউৰোপীয় মেডিচিন কাউন্সিল আৰু আমেৰিকা যুক্তৰাজ্যৰ মেডিকেল কাউন্সিলৰ দ্বাৰা স্বীকৃত।

তদুপৰি ইউক্ৰেইনৰ চিকিৎসা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ শিক্ষাৰ্থীসকলে কোনো প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নাই।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd