NORTHEAST NOW (Assamese)
দেশ

ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা: ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2022 3:20 pm
Rajya Sabha Elections

ভাৰতীয় নিৰ্বাচন আয়োগে আজি আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগৰ ঘোষণা অনুসৰি অহা ৩১ মাৰ্চত ৰাজ্যসভাৰ ১৩ খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

মুঠ ৬ খন ৰাজ্যৰ ১৩ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰে পঞ্জাৱত ৫ খন, কেৰালাত ৩ খন, অসমত ২ খন, হিমাচল প্ৰদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডত ১ খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

ৰাজ্যসভাৰ সাংসদ আনন্দ শৰ্মা, এ কে এণ্টনী, পৰ্টাপ সিং বাজৱা আৰু নৰেশ গুজৰালৰ কিছুদিন পিছতে কাৰ্যকাল সমাপ্ত হ’ব।

অসমৰ দুগৰাকী ৰাজ্যসভা সাংসদ ক্ৰমে ৰিপুণ বৰা আৰু ৰাণী নৰহৰো চলিত মাহত কাৰ্যকাল সমাপ্ত হ’ব।