NORTHEAST NOW (Assamese)
অসম

অসমত মাওবাদীৰ শীৰ্ষ নেতাক গ্ৰেপ্তাৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 7, 2022 6:19 pm

মাওবাদীৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় কমিটিৰ সদস্য কাঞ্চন দা ওৰফে অৰুণ কুমাৰ ভট্টাচাৰ্যক কাছাৰৰ এখন চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ।

তেওঁৰ মূৰৰ দাম নিৰ্ধাৰণ কৰা আছিল ৩ কোটি টকা।

দেশৰ বিভিন্ন থানাত এই মাওবাদী নেতাজনৰ বিৰুদ্ধে ৰুজু হৈ আছে দুই শতাধিক গোচৰ।

কাঞ্চন দা ওৰফে অৰুণ কুমাৰ ভট্টাচাৰ্যৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে অসমৰ ৰাজ্যিক কমিটিৰ সদস্য আকাশ ওৰাং ওৰফে কাজলক।

মাওবাদী নেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০/১২০বি/১২১এ/১২২/৩৮৪/৩০২ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।