NORTHEAST NOW (Assamese)
অসম

দদৰাত CRPF জোৱানৰ পৰা টকা থপিয়াই নিয়া দুই ডকাইতক গ্ৰেপ্তাৰ

Posted by: মৃদুল প্ৰীতম ডেকা, হাজো Updated by: মৃদুল প্ৰীতম ডেকা, হাজো March 8, 2022 7:24 am
Robbery in Assam

বিহাৰৰ ডকাইতে অসমত চলাইছে লুটপাত। বিহাৰৰ দুই ডকাইতে দদৰা SBI শাখাৰ সন্মুখৰ পৰা CRPF জোৱানৰ পৰা লুটিছিল ৪ লাখ টকা।

কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ বিহাৰৰ দুই ডকাইত চুনু দাস আৰু জিমি যাদৱ।

উল্লেখ্য যে যোৱা ২২ ফেব্ৰুৱাৰীত কামৰূপৰ দদৰা SBI শাখাৰ পৰা নগদ ৪ লাখ টকা উলিয়াই আনিছিল এগৰাকী CRPF জোৱান আৰু তেওঁৰ পত্নীয়ে।

তেনেতে পালচাৰ বাইকত অহা এই দুই ডকাইতে মহিলা গৰাকীৰ হাতৰ পৰা থপিয়াই লৈ গৈছিল ৪ লাখ টকা ভৰ্তি বেগটো।

চুৰি হোৱা স্থানৰ CCTV কেমেৰাত বন্দী হৈছিল এই সমগ্ৰ দৃশ্য। বাইকত অহা দুই দুৰ্বৃত্তই দিন দুপৰতে মহিলাগৰাকীৰ হাতৰ পৰা টকাৰ বেগ থপিয়াই লগে লগে সেই স্থানৰ পৰা উধাও হয়।

কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ৰ নেতৃত্বত চলা এক অভিযানত পালচাৰ বাইক সহ গ্ৰেপ্তাৰ হয় দুই দুধৰ্ষ ডকাইত চুনু দাস আৰু জিমি যাদৱ।

এই দুই কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথান জেৰা।

সাৱধান! বহি ৰাজ্যৰ ডকাইতেৰে ভৰিছে অসম। যি কোনো মুহূৰ্তত আপুনিও বহিৰাগত ডকাইতৰ হব পাৰে টাৰ্গেট।