NORTHEAST NOW (Assamese)
দেশ

এক্সিট প’লৰ ফলাফল ইভিএম চুৰিৰ ঢাকোন— এক্সিট প’লৰ প্ৰতিক্ৰিয়া অখিলেশ যাদৱৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2022 12:01 pm
Akhilesh Yadav on Uttar Pradesh election

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষনাৰ পূৰ্বে এক্সিট প’লে উত্তৰ প্ৰদেশত বিজেপিৰ বিজয়ৰ ভৱিষ্যতবাণী কৰাৰ এদিন পিছতে অখিলেশ যাদৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এক্সিট প’লৰ নিৰ্বাচনী ফলাফল ইভিএম চুৰি কাণ্ডত ঢাকোন দিয়া এক প্ৰক্ৰিয়া বুলি মন্তব্য কৰে অখিলেশ যাদৱে।

“এক্সিট প’লৰ বাবে কোনে নিৰ্বাচনত অৱতীৰ্ণ হৈছে?” বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।

উল্লেখ্য যে উত্তৰ প্ৰদেশত ভোটদান সমাপ্ত হোৱাৰ পিছত এক্সিট প’লৰ সমীক্ষাত যোগী আদিত্যনাথ নেতৃত্বত বিজেপিয়ে পুনৰ ক্ষমতা দখলৰ সম্ভাৱনা প্ৰকাশিত হৈছিল।

এক্সিট প’লৰ সমীক্ষাত বিজেপি মিত্ৰজোঁটে ৰাজ্যখনৰ ৪০৩ খন আসনৰ ভিতৰত ২৪১ খন আসন লাভ কৰিব বুলি ভৱিষ্যতবাণী কৰিছে।

আনহাতে এই নিৰ্বাচনত বিজেপিৰ মুখ্য প্ৰতিদ্বন্দী অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীয়ে ১৪২ খন আসন লাভ কৰি দ্বিতীয় স্থান লাভ কৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে।

এক্সিট প’লৰ সমীক্ষা নাকচ কৰি অখিলেশ যাদৱে দৃঢ়তাৰে কয় যে সমাজবাদী পাৰ্টিৰ মিত্ৰশক্তিয়ে ৩০০ খন আসনত জয়লাভ কৰিব।

ফলাফল ঘোষণাৰ দুদিন পূৰ্বে বিজেপিয়ে ভোটগ্ৰহণত ব্যৱহৃত ইভিএম চুৰি কৰিছে বুলি অভিযোগ কৰিছে অখিলেশ যাদৱে।

ইভিএম চুৰিৰ জৰিয়তে বিজেপি জয়ী হ’বলৈ চেষ্টা কৰা প্ৰক্ৰিয়াত ঢাকোন দিবলৈয়ে এক্সিট প’লে এই ফলাফল দেখুৱাইছে বুলি মন্তব্য কৰে অখিলেশ যাদৱে।

তেওঁ কয়, “মই প্ৰায়ে কৈ আহিছো যে উত্তৰ প্ৰদেশ নিৰ্বাচন গণতন্ত্ৰৰ চূড়ান্ত যুঁজ। ইয়াৰ পিছত বিজেপিক পৰাস্ত কৰিবলৈ এক বিপ্লৱৰ প্ৰয়োজন হ’ব।”

“যদি আমি আদালতলৈ যাব লগা হয় তেন্তে আমি সাজু আছো। কিন্তু মই গণতন্ত্ৰ বচাব বিচৰা সকলো লোককে ওলাই আহি সহায় কৰিবলৈ অনুৰোধ জনাইছো।” সমাজবাদী পাৰ্টিৰ নেতাজনে কয়।

“আমাৰ ভোট বচাবলৈ আমি সকলো বাহিৰলৈ ওলাই আহিব লাগিব। নহ’লে এই তিনিদিনৰ ভিতৰত প্ৰশাসনৰ এই লোকসকলে সকলো ভোটগ্ৰহণৰ ইভিএম চুৰি কৰিব।”— তেওঁ লগতে কয়।

উল্লেখ্য যে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ সাত পৰ্যায়ৰ ভোটগ্ৰহণ সোমবাৰে সমাপ্ত হয়। বৃহস্পতিবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

উত্তৰ প্ৰদেশত এইবাৰ শাসনাধিষ্ঠ বিজেপিয়ে ক্ষমতাৰ যুঁজখনত অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিৰ পৰা তীব্ৰ প্ৰত্যাহ্বান লাভ কৰিব বুলি আশংকা কৰা হৈছে।