NORTHEAST NOW (Assamese)
অসম

পঞ্জাৱ বিধানসভা নিৰ্বাচন: ৰণত পৰিল দুই হাইপ্ৰফাইল নেতা অমৰিন্দৰ সিং, চৰণজিৎ সিং চন্নী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2022 4:16 pm
WhatsApp Image 2022-03-10 at 4.09.26 PM

পঞ্জাৱত প্ৰায় নিশ্চিত হৈছে আম আদমী পাৰ্টীৰ বিজয়। বৰ্তমানলৈকে ৯১ খন আসনত আগবাঢ়ি থকা আপে। পঞ্জাৱৰ আন ৰাজনৈতিক দলসমূহক প্ৰায় নি:চিহ্ন কৰি বৃহৎ বিজয়ৰ দিশে ধাৱমান হৈছে কেজৰিৱালৰ দল।

আপ-ৰ এই অভূতপূৰ্ব বিজয়ৰ পৰিৱৰ্তে পঞ্জাৱত এইবাৰ ৰণত পৰিল দুই হাইপ্ৰফাইল নেতা ক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নী।

ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ লগতে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত পঞ্জাৱ লোক কংগ্ৰেছ নামৰ এটি নতুন দল গঠন কৰি বিজেপিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত নামিছিল কেপ্তেইন অমৰিন্দৰ সিং।

লগতে পঢ়ক: চৰকাৰী কাৰ্যালয়ত আৰু নাথাকিব মুখ্যমন্ত্ৰীৰ ফটো; ঘোষণা পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

পাটিয়ালা নগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অমৰিন্দৰ সিং আপৰ অজিত পাল সিং কোহলীৰ বিপক্ষে পৰাজিত হয়।

৭৯ বছৰীয়া জ্যেষ্ঠ নেতাজনে এক টুইটযোগে পৰাজয় স্বীকাৰ কৰি কয়, “গণতন্ত্ৰৰ জয় হৈছে।” তেওঁ লগতে আম আদমী পাৰ্টিকো বিজয়ৰ বাবে অভিনন্দন জনায়।

আনহাতে, অমৰিন্দৰ সিঙৰ পদত্যাগৰ পিছত মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা চৰণজিৎ সিং চন্নীও নিৰ্বাচনত পৰাজিত হৈছে।

চৰণজিৎ সিং চান্নীয়ে পঞ্জাৱ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দুয়োখন আসনতেই পৰাজয়ৰ সন্মুখীন হৈছে। চামকৌৰ চাহিব আৰু ভাদাউৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল চন্নীয়ে।

লগতে পঢ়ক:যুদ্ধৰ খবৰ: ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণ; ৰাছিয়াৰ নিয়ন্ত্ৰণৰ পৰা উদ্ধাৰ খাৰকিভ-ডেৰহাচি!

ভাদাউৰত চন্নী আম আদমী পাৰ্টিৰ লাভ সিং উগোকেৰ বিপক্ষে প্ৰায় ৩৪,০০০ ভোটত পৰাস্ত হয়।

আনহাতে, চামকৌৰ চাহিব সমষ্টিত চন্নী আম আদমী পাৰ্টীৰ প্ৰাৰ্থী চৰণজিৎ সিঙৰ হাতত পৰাস্ত হয়।