NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

সাৱধান! আমেৰিকান ৰাষ্ট্ৰপতি বিডেনৰ ভাষ্যত তৃতীয় বিশ্বযুদ্ধৰ সংকেত!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2022 5:48 pm
Biden warns about World War 3

প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এতিয়া আহি আছে তৃতীয় বিশ্বযুদ্ধ! আসন্ন হৈ পৰিছে এই বিশ্বযুদ্ধৰ। পুনৰ বিশ্বজুৰি যুদ্ধৰ দাবানলে ধ্বংসলীলা চলাব!

আমেৰিকা যুক্তৰাষ্ট্ৰ জ’ বিডেনৰ শেহতীয়া এটা মন্তব্যত এই কথাই প্ৰতিধ্বনিত হৈছে।

শুকুৰবাৰে বিডেনে ৰাছিয়াক এই সংক্ৰান্তত এটা সকিয়নী প্ৰেৰণ কৰিছে। তেওঁ কয় যে আমেৰিকাই ইউক্ৰকেইনত ৰাছিয়াৰ বিৰুদ্ধে পোনপতীয়াকৈ যুদ্ধ নকৰে।

কিন্তু যদি নাটো আৰু ৰাছিয়াৰ মাজত যুদ্ধ হয়, তেতিয়া এই যুদ্ধ তৃতীয় বিশ্বযুদ্ধলৈ ৰূপান্তৰ হ’ব বুলি সকীয়নি দিছে বিডেনে৷

উল্লেখযোগ্য যে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ১৮ টা দিনত ভৰি দিছে। আক্ৰমণ বন্ধ কৰাৰ কোনো নাম লোৱা নাই ৰাছিয়াই৷ বৰঞ্চ পুটিনে বাৰে বাৰে স্পষ্ট কৰি দিছে যে তেওঁ এতিয়াই যুদ্ধ সমাপ্ত কৰিবলৈ সাজু নহয়।

পুটিনৰ এই দাম্ভিকতাৰ প্ৰত্যুত্তৰতে বিডেনে মন্তব্য কৰিছে ইউক্ৰেইন যুদ্ধত ৰাছিয়াই ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিলে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব।

ইতিমধ্যে যুদ্ধ সামৰিবলৈ ৰাছিয়াৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰই ক্ৰমাগতভাৱে চাপ বৃদ্ধি কৰিছে। দুয়োখন দেশৰ মাজৰ সকলোবোৰ বাণিজ্যিক সম্পৰ্ক প্ৰায় ছিন্ন কৰা হৈছে।