NORTHEAST NOW (Assamese)
অসম

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত বন্ধ কৰি দিয়া হ’ল ভাৰতীয় দূতাবাস, পোলেণ্ডলৈ স্থানান্তৰিত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 13, 2022 8:56 pm

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আবদ্ধ ভাৰতীয় লোকসকলৰ শেষ ভৰসা ভাৰতীয় দূতাবাসটোও অৱশেষত বন্ধ কৰি দিয়া হ’ল।

ৰাছিয়াই ইউক্ৰেইনৰ যি স্থানত ভাৰতীয় দূতাবাসটো অৱস্থিত সেই স্থানৰ কাষতে আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় দূতাবাসটো বন্ধ কৰি দিবলগীয়া হয়।

ইউক্ৰেইনত বন্ধ কৰি দিয়া ভাৰতীয় দূতাবাসটো অস্থায়ীভাৱে পোলেণ্ডলৈ স্থানান্তৰিত কৰা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি এক বিবৃতিত কয়: ‘দেশৰ পশ্চিম অংশত হোৱা আক্ৰমণকে ধৰি ইউক্ৰেইনত দ্ৰুতগতিত অৱনতি ঘটা নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনৰ ভাৰতীয় দূতাবাস অস্থায়ীভাৱে পোলেণ্ডত স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে’।

দূতাবাসটো বন্ধ কৰি দিয়াৰ ফলত অধিক চিন্তিত হৈ পৰিছে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্য লোকসকল।