NORTHEAST NOW (Assamese)
দেশ

বুধবাৰৰ পৰা দেশত ১২-১৪ বছৰ বয়সৰ শিশুৰ টিকাকৰণ, আৰম্ভ হ’ব ৬০ ৰ উৰ্ধৰ বুষ্টাৰো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 14, 2022 3:12 pm
Vaccination for 12-14 age group

১৬ মাৰ্চৰ পৰা দেশত ১২ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক টিকাকৰণ আৰম্ভ হ’ব। স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতি যোগে এই কথা সদৰি কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ে লগতে দেশৰ ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে বুষ্টাৰ পালিৰ সুবিধা উপলব্ধ হ’ব বুলিও ঘোষণা কৰিছে।

“কেন্দ্ৰীয় চৰকাৰে বৈজ্ঞানিক সংস্থাসমূহৰ সৈতে আলোচনাৰ পিছত ১২-১৩ বছৰ আৰু ১৩-১৪ বছৰ বয়সৰ শিশুৰ বাবে ক’ভিড ১৯ টিকাকৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।” স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয়।

বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টিকাকৰণ অভিযানত হায়দৰাবাদৰ বায়’লজিকেল ইভান্সে নিৰ্মাণ কৰা কৰ্বেভেক্স নামৰ ভেকচিন বিধ প্ৰদান কৰা হ’ব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই এক টুইটযোগে অভিভাৱক সকলক নিজ সন্তানক টিকাকৰণ কৰাবলৈ আহ্বান জনায়।

তেওঁ লগতে ৬০ বছৰ বয়সৰ উৰ্ধৰ লোক সকলকো বুষ্টাৰ পালি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ইতিপূৰ্বে দেশৰ ১৪ বছৰ বয়সৰ উৰ্ধৰ শিশুৰ বাবে ক’ভিদ টিকাকৰণ অভিযান হৈ গৈছে।