NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত কাজিৰঙাৰ ম’হৰ মঙহেৰে ভোজ-ভাত খালে একাংশ লোকে

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ March 23, 2022 4:05 pm

একাংশ মাংসলোভী মানুহৰ নিৰ্লজ কাণ্ড। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম’হ বধ কৰি উদৰ পুৰালে বিশ্বনাথৰ একাংশ মাংসলোভী লোকে।

আজি বিশ্বনাথ জিলা বন্য প্ৰাণী সংমণ্ডলৰ বন বিষয়া ইকবাল হুছেইনৰ নেতৃত্বত আৰু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ সহযোগত বিশ্বনাথৰ বালিডুবি অঞ্চলৰ পৰা বনৰীয়া ম’হৰ কলিজা আৰু ছাল সহ ৰহমত আলি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা পোহৰলৈ আহে।

উল্লেখ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চল বালিডুবিলৈ প্ৰায়ে খাদ্যৰ সন্ধানত ওলাই আহে বহু বন্যপ্ৰাণী। কিন্তু একাংশ মাংসলোভী লোকে সেই বন্যপ্ৰাণী কাজিৰঙাৰ দিশে ট্ৰেক্টৰৰ সহায়ত খেদি পঠিওৱাৰ নামত বন্যপ্ৰাণী বোৰক ট্ৰেক্টৰৰে আঘাত বধ কৰাৰ ঘটনাও ঘটিছে।

কালি বিশ্বনাথৰ বালিডুবি অঞ্চলত খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড ম’হ ট্ৰেক্টৰেৰে খুন্দিয়াই নিশাৰ ভিতৰতে মাংসৰে ভোজভাত খালে একাংশ লোকে। ইতিমধ্যে বন বিভাগৰ লোকে বিশ্বনাথ আৰক্ষীৰ সহযোগত মৃত ম’হটোৰ কলিজা আৰু ছাল সহ ৰহমত আলি নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

বন বিভাগৰ অভিযানকাৰী দলটোয়ে ম’হ বধ কৰা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত হজৰত আলি আৰু আন বহু কেইজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।

ম’হ বধ কাৰ্যত ব্যৱহাৰ কৰা ট্ৰেক্টৰখনো জব্দ কৰা হ’ব বুলি জানিবলৈ দিছে বন বিষয়া ইকবাল হুছেইনে।