NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু; মোবাইলত কথা পতাই কাল হ’ল দীপকৰ

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা April 2, 2022 7:41 am
IMG_20220401_095124

মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিচাৰ সমীপৰ চাইদিঙত শুকুৰবাৰে পুৱা ৰে’লৰ খুন্দাত এজন যুৱক নিহত হয়। নিহত যুৱকজন হৈছে দিহিং চাহ বাগিচা অঞ্চলৰ নতুন লাইনৰ নিবাসী প্ৰেম বাহাদুৰ ছেত্ৰীৰ পুত্ৰ দীপক ছেত্ৰী।

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি প্ৰায় ২১ বছৰীয়া যুৱকজনে পুৱা প্ৰাতঃভ্ৰমণত ওলাই গৈছিল আৰু ৰে’ল লাইনেৰে মোবাইলত কথা পাতি গৈ থকা অৱস্থাত লিডু-ডিব্ৰুগড় অভিমুখী ৰে’লখনে মহতিয়াই নিয়াৰ ফলত দীপকৰ থিতাতে মৃত্যু হয়।

লগতে পঢ়ক: কৃষ্ণাইৰ টুকুৰাত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী; নিহত তিনিজন ডকাইত

ঘটনাস্থলীত লিডু আৰু তিনিচুকীয়াৰ ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তিনিচুকীয়ালৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

অসাৱধানতাৰ ফলতে দীপকৰ অকাল মৃত্যু হ’ল বুলি স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰে। দীপকৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।