NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত নিজেই পিষ্টলেৰে মূৰত গুলীয়ালে ১৫ বছৰীয়া কিশোৰীয়ে

Posted by: এন ই নাও নিউজ, ডিব্রুগড় Updated by: এন ই নাও নিউজ, ডিব্রুগড় April 2, 2022 8:22 am
WhatsApp Image 2022-04-02 at 7.59.03 AM

ডিব্ৰুগড়ৰ আমোল্লাপট্টি গাৰ্ড কোৱাৰ্টাৰৰ নিজ বাসগৃহত শুকুৰবাৰে আবেলি এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে পিষ্টলেৰে নিজৰ মূৰত গুলীয়ায়।

ঈশানী বেজবৰুৱা নামৰ কিশোৰীগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত (এএমচিএইচ) ভৰ্তি কৰোৱা হয়।

বৰ্তমান তাইক ভেন্টিলেটৰ ছাপোৰ্টত ৰখা হৈছে। ডিব্ৰুগড়ৰ আমোল্লাপট্টিৰ বাসগৃহত আবেলি প্ৰায় ১২:৩০ বজাত ঘটনাটো ঘটে।

লগতে পঢ়ক: কৃষ্ণাইৰ টুকুৰাত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী; নিহত তিনিজন ডকাইত

তাইৰ দেউতাক এগৰাকী অনুমতি থকা অস্ত্ৰ ব্যৱসায়ী আৰু তেওঁ “ডিকেবি গান হাউচ” নামৰ দোকানখনৰ পৰা অস্ত্ৰব্যৱসায় চলায়। দোকানখন তেওঁৰ বাসগৃহৰ সৈতে সংলগ্ন হৈ আছে।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) বিতুল চেতিয়াই নৰ্থইষ্ট নাওক কয়, “এই মুহূৰ্তত এইটো এটা আত্মহত্যাৰ চেষ্টাৰ ঘটনা আছিল নে নাই আমি ক’ব নোৱাৰো। এক তদন্তৰ পিছতহে গোটেই ঘটনাটো স্পষ্ট হৈ পৰিব।”