NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা অসম আৰক্ষী কনিষ্টবলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 14, 2022 1:14 pm
Assam Police

যোৱা নিশা ডিব্ৰুগড়ত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। অসম আৰক্ষীৰ এজন কনিষ্টবলে তেওঁৰ গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা কৰিছে।

কনিষ্টবলজনক ডিব্ৰুগড়ৰ বিকি চেতিয়া বুলি চিনাক্ত কৰা হৈছে।

যোৱা নিশা প্ৰায় ১:৩০ বজাত সদৰ আৰক্ষী থানাৰ ওচৰৰ আৰক্ষী চৌহদত কনিষ্টবলজনৰ কোৱাৰ্টাৰত এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) বিতুল চেতিয়াই এই হত্যাকাণ্ড সন্দৰ্ভত কয় যে কনিষ্টবল বিকি চেতিয়াই যোৱা নিশা তেওঁৰ পত্নী জয়শ্ৰী চেতিয়াক তেওঁৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰে।

“তেওঁ অপৰাধ স্বীকাৰ কৰিছে। পাৰিবাৰিক বিবাদৰ বাবে তেওঁ তেওঁৰ পত্নীক হত্যা কৰিছিল। আমি তেওঁক গ্ৰেপ্তাৰ কৰিছো আৰু অপৰাধটোৰ মূল কাৰণ সম্পৰ্কে নিশ্চিত কৰিবলৈ জেৰা চলাই আছো।” তেওঁ কয়।

উল্লেখ্য যে চাৰি বছৰ পূৰ্বে কনিষ্টবলজন বিবাহ পাশত আৱদ্ধ হৈছিল। হত্যাৰ বলি হোৱা মহিলাগৰাকী চাৰি মাহৰ গৰ্ভৱতী আছিল।

ঘটনাটোৰ সময়ত কনিষ্টবলজনে সুৰাপান কৰি আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে কনিষ্টবলজনৰ পিষ্টলটো জব্দ কৰা হৈছে।

কনিষ্টবলজন বিদেশী ন্যায়াধিকৰণৰ এজন সদস্যৰ নিৰাপত্তাৰক্ষী হিচাপে নিযুক্ত আছিল বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।