NORTHEAST NOW (Assamese)
অসম

ৰাহুল গান্ধীক ইচ্ছাপত্ৰৰ জৰিয়তে নিজৰ সকলো সম্পত্তি লিখি দিলে এগৰাকী মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2022 7:20 am
woman donate property to Rahul Gandhi

ভাৰতৰ এগৰাকী ৭৮ বছৰীয়া মহিলাই তেওঁৰ সকলো সম্পত্তি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নামত লিখি দিছে। উত্তৰাখণ্ডৰ ডেৰাডুনৰ বাসিন্দা পুষ্পা মুঞ্জিয়াল নামৰ মহিলাগৰাকীয়ে তেওঁৰ স্থাৱৰ-অস্থাৱৰ সকলো মিলি ৫০লাখ টকাৰ সম্পত্তি আৰু ১১৬গ্ৰাম সোণ সকলো এখন ইচ্ছাপত্ৰৰ জৰিয়তে ৰাহুল গান্ধীৰ নামত লিখি দিয়ে।

সোমবাৰে আবেলি উত্তৰখণ্ডৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি প্ৰীতম সিঙৰ যমুনা কল’নিৰ বাসভৱনলৈ গৈ মহিলাগৰাকীয়ে তেওঁৰ হাতত ৰাহুলৰ নামত লিখি দিয়া ইচ্ছাপত্ৰখন (উইল) তুলি দিয়ে।

লগতে পঢ়ক: পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিলে ইমৰান খানে, কোন হ’ব প্ৰধানমন্ত্ৰী?

পুষ্পা মুঞ্জিয়াল নামৰ মহিলাগৰাকীয়ে কয় যে তেওঁৰ মৃত্যুৰ পিছত যাতে তেওঁৰ সকলো সম্পত্তি ৰাহুলৰ হাতত তুলি দিয়া হয়। তেওঁলোকে আমাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব।

সোমবাৰেই পুষ্পাই ডেৰাডুনৰ আদালতত এই সম্পৰ্কত এখন শপতনামাও দাখিল কৰে। শপতনামাখনত তেওঁৰ সকলো সম্পত্তিৰ বিশদ বিৱৰণ দাঙি ধৰা হৈছে।

নিজৰ সম্পত্তি ৰাহুল গান্ধীক দান কৰাৰ বিষয়ে মহিলাগৰাকীয়ে কয়, ’’ৰাহুল গান্ধী আৰু তেওঁৰ ধাৰণাসমূহ দেশৰ বাবে অত্যন্ত জৰুৰী। স্বাধীনতাৰ পিছৰে পৰা আজিলৈকে দেশৰ কল্যাণৰ বাবে ৰাহুলৰ পৰিয়ালে আত্মত্যাগ কৰি আহিছে।‘’

লগতে পঢ়ক:গ্ৰেমী বঁটা ২০২২: জিলিকিল ভাৰতীয় মূলৰ শিল্পী ফাল্গুনী শ্বাহ, সংগীত পৰিচালক ৰিকি কেজ

তেওঁ লগতে কয় যে তেওঁ ৰাহুলৰ চিন্তাধাৰাৰ দ্বাৰা অত্যন্ত প্ৰভাৱিত আৰু সেয়াই তেওঁক মুগ্ধ কৰে। সেয়ে তেওঁ এই সিদ্ধান্ত লৈছে।