• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিলে ইমৰান খানে, কোন হ’ব প্ৰধানমন্ত্ৰী?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 4, 2022 6:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিলে ইমৰান খানে।
প্ৰাক্তন মুখ্য ন্যায়াধীশ গুলজাৰ আহমেদৰ নাম তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাবে আজি আনুষ্ঠানিক ভাবে প্ৰস্তাৱ কৰে ইমৰান খানে।

পাকিস্তানৰ প্ৰাক্তন তথ্য মন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনচাফ দলৰ জ্যেষ্ঠ নেতা ফাৱাদ চৌধুৰীয়ে এই কথা প্ৰকাশ কৰিছে।

Apply Now

ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে ইমৰান খান আৰু বিৰোধী দলৰ নেতা শ্বেহবাজ শ্বৰীফলৈ এজন তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নিযুক্তিৰ বাবে পৰামৰ্শ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল।

ৰাষ্ট্ৰপতিয়ে প্ৰেৰণ কৰা উক্ত পত্ৰ পোৱাৰ পিছতে পিটিআই দলৰ কেন্দ্ৰীয় কমিটিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয় আৰু সেই বৈঠকতে প্ৰাক্তন মুখ্য ন্যায়াধীশ গুলজাৰ আহমেদক তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰা হয়।

উল্লেখ্য আজি দুপৰীয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এজন তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নিযুক্ত নোহোৱা পৰ্যন্ত ইমৰান খানেই প্ৰধানমন্ত্ৰীৰ পদ চম্ভালি যাব বুলি ঘোষণা কৰিছিল।

পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে এই বুলি ঘোষণা কৰিছিল যে এগৰাকী নতুন তত্বাৱধায়ক প্ৰধানমন্ত্ৰী নিযুক্ত নোহোৱালৈকে ইমৰান খানেই প্ৰধানমন্ত্ৰী হিচাবে কাৰ্য নিৰ্বাহ কৰি যাব।

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে টুইটত কয়, “ইছলামিক গণৰাজ্য পাকিস্তানৰ সংবিধানৰ ২২৪ এ (৪) অনুচ্ছেদৰ অধীনত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নিযুক্তি নোহোৱালৈকে ইমৰান আহমেদ খান নিয়াজীয়ে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থাকিব।”

উল্লেখ্য বিৰোধীয়ে ইমৰান খানৰ চৰকাৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ শাসকীয় দল পিটিআইৰ সদস্য কাছিম চুৰীয়ে সংবিধানৰ ৫ নং অনুচ্ছেদৰ অধীনত নাকচ কৰাৰ দাবী তোলে। এনে পৰস্থিতিত বিৰোধী দলসমূহ থমকি ৰ’বলগীয়া হয়।

অৱশ্যে ঘটনাক্ৰমৰ শেষ পৰিণতিৰ কথা চিন্তা কৰিয়েই ইমৰান খানে পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষে মত দিয়ে। সেয়ে দেশ খনত শীঘ্ৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

ইতিমধ্যে পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ কৰি দিছে। পাকিস্তানৰ ৰাষ্ট্ৰপতি ড০ আৰিফ আলভিয়ে পাকিস্তানৰ দেশ খনৰ সংবিধানৰ ৪৮ (১) অনুচ্ছেদৰ ৫৮ (১)ৰ ধাৰাৰ অধীনত নেচনেল এচেম্বলী ভংগ কৰি দিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd