NORTHEAST NOW (Assamese)
অসম

বাঢ়িছে চৰকাৰৰ কৰ সংগ্রহ, একে গতিতে বাঢ়িছে জনতাৰো দুৰ্ভোগ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 9, 2022 2:44 pm

কেন্দ্ৰীয় চৰকাৰৰ কৰ সংগ্ৰহৰ পৰিমাণ লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে।

চৰকাৰে পণ্য সামগ্ৰী আৰু বিভিন্ন সেৱাৰ ক্ষেত্ৰত বিভিন্ন কৰ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিততে চৰকাৰৰ মুঠ কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে বুলি ধাৰণা কৰা হৈছে।

শেহতীয়া তথ্য অনুসৰি চলিতবৰ্ষৰ ৩১ মাৰ্চলৈকে অভিলেখ পৰিমাণৰ কৰ সংগ্ৰহ কেন্দ্ৰীয় চৰকাৰৰ কৰ সংগ্ৰহৰ পৰিমাণ হৈছে ২৭.০৭ লাখ কোটি টকা ।

কেন্দ্ৰীয় ৰাজহ সচিব তৰুণ বাজাজে প্ৰকাশ কৰা মতে ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ২০২২ চনৰ মাৰ্চ মাহলৈ ২৭.০৭ লাখ কোটি টকাৰ মুঠ কৰ সংগ্ৰহ হৈছে।

চৰকাৰে এই সময়ছোৱাত ২২.১৭ লাখ কোটি টকাৰ কৰ সংগ্ৰহ হ’ব বুলি ধাৰণা কৰিছিল যদিও সেই পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা বুলি বাজাজে কয়।

চৰকাৰে প্ৰত্যক্ষ কৰ হিচাবে ১৪.১০ লাখ কোটি টকা সংগ্ৰহ কৰিছে।

চৰকাৰে পূৰ্বে ধাৰণা কৰা পৰিমাণতকৈ ই ৩.০২ লাখ কোটি টকা অধিক বুলি তেওঁ উল্লেখ কৰে। আবকাৰী শুল্কও ধাৰণা কৰাতকৈ ১.৮৮ লাখ কোটি টকা বেছি সংগ্ৰহ হৈছে।

পৰোক্ষ কৰ ১১.০২ লাখ কোটি টকা সংগ্ৰহ হ’ব বুলি ধাৰণা কৰা হৈছিল তাৰ বিপৰীতে ১২.৯০ লাখ কোটি টকা সংগ্ৰহ হৈছে বুলি তেওঁ কয়। কেন্দ্ৰীয় চৰকাৰে কেৱল পেট্ৰ’ল ডিজেলৰ পৰাই প্ৰায় ৮ লাখ কোটি টকাৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

চৰকাৰৰ কৰ বৃদ্ধিৰ কথাই সকলোকে আনন্দিত কৰি তুলিব লাগিছিল যদিও তেনে হোৱা নাই। কাৰণ সৰ্বাসাধাৰণৰ মূৰৰ ওপৰত ইতিমধ্যে ইন্ধন , অত্যাৱশ্যকীয় সামগ্ৰী, দৰৱ আদিৰ মূল্যবৃদ্ধিকে ধৰি টোল গেট আদিৰ মাচুল বৃদ্ধি কৰিহে চৰকাৰে বহু পৰিমাণৰ কৰ আদায় কৰি ল’বলৈ সক্ষম হৈছে।

চৰকাৰৰ ঘৰত কৰৰ পৰিমাণ বৃদ্ধি পোৱাটো নিঃসন্দেহে দেশ এখনৰ অৰ্থনীতিৰ বাবে শুভ লক্ষণ ।

এই কৰ পৰিশোধ কৰিছে ভাৰতীয় সাধাৰণ জনতাই। কিন্তু তাৰ বিনিময়ত দেশবাসীয়ে পাইছে মাথো অত্যাৱশ্যকীয় সামগ্ৰী, ইন্ধন, দৰৱ আদিৰ মূল্যবৃদ্ধি, টোলগেটৰ মাচুল বৃদ্ধি আদিৰ দৰে উপহাৰহে।