NORTHEAST NOW (Assamese)
অসম

আজি পহিলা ব’হাগৰ দিনা পুৱাৰ পৰাই টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক April 15, 2022 3:26 pm
Dhekiakhowa NamgharBihu

আজি পহিলা ব’হাগ অৰ্থাৎ মানুহ বিহু। এই পহিলা ব’হাগৰ দিনা ৰাজ্যৰ প্ৰতিটো ধৰ্মীয় স্থানৰ সমান্তৰালকৈ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাই ভক্তৰ ভিৰ কৰা পৰিলক্ষিত হয়।

প্ৰতিজন অসমীয়াই পুৱাই গা-ধুই গোসাঁইক সেৱা কৰি আশীৰ্বাদ লয়। সৰুৱে মান্যজনক সেৱা, সাক্ষাৎ কৰি আশীৰ্বাদ লয় যাতে আগন্তুক দিনবোৰ সুখ-শান্তিৰে পাৰ হয়।

এনে উদ্দেশ্যে হাতে হাতে ধূপ চাকি নৈবেদ্য লৈ পুৱাই নেদেখাজনৰ শৰাণাপন্ন হৈছে বিভিন্নজনে।

ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়েও সৰ্ব মংগল কামনা কৰি মহাপুৰুষ মাধৱ গুৰুজনাই নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তিত তেল দি সকলোৰে হৈ এখনি শৰাই আগবঢ়াই বিশ্ববাসীৰ মংগল কামনা কৰিছে।

উল্লেখ্য যে যোৱা দুটা বছৰে ক’ভিডৰ আতংকৰ বাবে ভক্তসকল এই পীঠলৈ আহিব পৰা নাছিল যদিও এইবাৰ যিহেতু ক’ভিডৰ আতংক নাই সেয়ে দুগুণ উৎসাহেৰে ভক্তসকলৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।