NORTHEAST NOW (Assamese)
অসম

বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, এজন নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2022 10:40 am

বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ কনভয় নিশা দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এজন আৰক্ষী জোৱানৰ মৃত্যু হয় আৰু আন তিনিজন আহত হয়।

সূত্ৰ অনুসৰি, কনভয়টো তামুলপুৰৰ পৰা ৰঙিয়ালৈ গৈ আছিল আৰু দুৰ্ঘটনাটো ৰঙিয়াৰ ১১ মাইলত সংঘটিত হয়।

লগতে পঢ়ক: প্ৰত্যুত্তৰ! ইউৰোপৰ ৩১গৰাকী কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই

দুৰ্ঘটনাত প্ৰমোদ বড়ো বা তেওঁৰ বাহনৰ একো হোৱা নাই যদিও কনভয়ৰ এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰে।

এই ঘটনাত বাহনখনৰ ৰাজু কলিতা নামৰ জোৱান এজনৰ মৃত্যু হয়।

গুৰুতৰভাৱে আহত আন তিনিজন হৈছে ব্ৰজেন ৰাজবংশী, উৎপল পাটগিৰি আৰু প্ৰকাশ বড়ো।

লগতে পঢ়ক: সুব্ৰমনিয়াম স্বামীৰ বিস্ফোৰণ! অৰ্থনীতিৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈকে সকলোতে ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী

তেওঁলোকক চিকিৎসাৰ বাবে হাস্পাতালত ভৰ্তি কৰা হয় আৰু তেওঁলোকৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত কোনো অসামৰিক লোক আহত হোৱা নাই।