NORTHEAST NOW (Assamese)
অসম

প্ৰত্যুত্তৰ! ইউৰোপৰ ৩১গৰাকী কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2022 9:47 am
প্ৰত্যুত্তৰ! ইউৰোপৰ ৩১গৰাকী কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই

ইউক্ৰেইনত সামৰিক অভিযান চলোৱাকলৈ পাশ্চাত্যৰ দেশসমূহে ৰাছিয়াৰ কূটনীতিকক বহিস্কাৰ কৰাৰ প্ৰত্যুত্তৰত এইবাৰ ইউৰোপৰ ৩১গৰাকী কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ে মঙলবাৰে এই তথ্য সদৰী কৰিছে।

বাতৰি অনুসৰি, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা জনোৱা হৈছে যে নেদাৰলেণ্ডৰ ১৫গৰাকী কূটনীতিকক অবাঞ্চিত বুলি ঘোষণা কৰি তেওঁলোকক দুসপ্তাহৰ সময় দিয়া হৈছে।

তদুপৰি, বেলজিয়ামৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা জানিবলৈ দিয়া মতে ৰাছিয়াই তেওঁলোকৰ ১২গৰাকী কূটনীতিকক বহিস্কাৰ কৰিছে।

লগতে পঢ়ক: সুব্ৰমনিয়াম স্বামীৰ বিস্ফোৰণ! অৰ্থনীতিৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈকে সকলোতে ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী

সেইদৰে, অষ্ট্ৰিয়াৰ চাৰি গৰাকী কূটনীতিকক অহা দেওবাৰৰ ভিতৰত ৰাছিয়া ত্যাগ কৰিবলৈ কোৱা হৈছে।

ৰাছিয়াৰ এই সিদ্ধান্তক সম্পূৰ্ণ অন্যায় তথা ভিত্তিহীন বুলি আখ্যা দি বেলজিয়ামে কৈছে যে মস্কোৰ এই পদক্ষেপৰ ফলত ৰাছিয়াৰ আন্তৰ্জাতিক কূটনৈতিক সম্পৰ্কত যতি পৰিব।  

ইয়াৰ পূৰ্বে নেদাৰলেণ্ডে ৰাছিয়াৰ ২১গৰাকী কূটনীতিকক বহিস্কাৰ কৰাৰ পিছত ৰাছিয়াইও তাক ভিত্তিহীন বুলি অভিহিত কৰিছিল।