NORTHEAST NOW (Assamese)
দেশ

পশু খাদ্য কেলেংকাৰী গোচৰত লালু প্ৰসাদ যাদৱক জামিন ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2022 3:00 pm
Lalu Yadav granted bail

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে আজি ৰাষ্ট্ৰীয় জনতা জলৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক ১৩৯ কোটি ডৰন্দা ট্ৰেজাৰী কেলেংকাৰীৰ গোচৰত জামিন প্ৰদান কৰে।

যোৱা ফেব্ৰুৱাৰীত পশুখাদ্য কেলেংকাৰীৰ গোচৰত লালু প্ৰসাদ যাদৱক ১৩৯ কোটি টকা আত্মসাতৰ অভিযোগত চিবিআই আদালতে দোষী সাব্যস্ত কৰিছিল।তাৰ পিছৰে পৰা বৰ্তমানলৈকে জিম্মাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

“উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মঙলবাৰৰ ভিতৰত নিম্ন আদালতক জনোৱা হ’ব বুলি আশা কৰা হৈছে। আমি জামিন বণ্ড দাখিল কৰিম আৰু মুক্তিৰ আদেশ লাভ কৰিম।”— লালু প্ৰসাদৰ পৰামৰ্শদাতা প্ৰভাত কুমাৰে কয়।

উল্লেখ্য যে ২১ ফেব্ৰুৱাৰীত লালুক পশুখাদ্য কেলেংকাৰীৰ গোচৰত ৰাঁচীৰ বিশেষ চিবিআই আদালতে পাঁচ বছৰৰ কাৰাদণ্ড আৰু ৬০ লাখ টকাৰ জৰিমনা বিহিছিল।