NORTHEAST NOW (Assamese)
দেশ

মাচুল বৃদ্ধিৰ অভিযোগ: ৭২০ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ পঞ্জাৱ চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2022 12:44 pm
Punjab Govt Orders Probe Against 720 Private Schools

চৰকাৰী নিৰ্দেশ অবিহনে মাচুল বৃদ্ধি কৰাৰ অভিযোগত ৭২০ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে পঞ্জাৱৰ আম আদমী পাৰ্টি চৰকাৰে।

এই বিদ্যালয়সমূহে চৰকাৰৰ নিৰ্দেশনাক অৱজ্ঞা কৰা বুলি অভিভাৱক সকলে দাবী কৰাৰ পিছতে পঞ্জাৱ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

পঞ্জাৱৰ শিক্ষা মন্ত্ৰী গুৰমিত সিং মিট হায়েৰে তেওঁৰ টুইটাৰ হেণ্ডেল যোগে বিদ্যালয়সমূহৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশৰ বিজ্ঞপ্তি ৰাজহুৱা কৰে।

“অভিভাৱক সকলে অভিযোগ দাখিল কৰা ৭২০ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। দোষী সাব্যস্ত হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”—হায়াৰে তেওঁৰ টুইটত কয়।

উল্লেখ্য যে যোৱা মাহত মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যখনৰ সকলো ব্যক্তিগত বিদ্যালয়ে মাচুল বৃদ্ধিৰ লগতে শিক্ষাৰ্থীসকলক নিৰ্বাচিত দোকানৰ পৰা কিতাপ, ইউনিফৰ্ম বা ষ্টেচনৰী সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰাৰ বিৰুদ্ধে নিৰ্দেশ জাৰি কৰিছিল।

দেওবাৰে এক সংবাদ মেল সম্বোধন কৰি আম আদমী পাৰ্টিৰ পঞ্জাৱ গোটৰ মুখপাত্ৰ মালবিন্দৰ সিং কাঙে কয় যে ৰাজ্যখনত মানদণ্ড আৰু সুলভ মৌলিক শিক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।