NORTHEAST NOW (Assamese)
অসম

শুৱালকুছিত ভয়ংকৰ ঘটনা: সন্তানক নদীত দলিয়াই নিজে আত্মহত্যাৰ চেষ্টা মাতৃৰ

Posted by: মৃদুল প্ৰীতম ডেকা, কামৰূপ Updated by: মৃদুল প্ৰীতম ডেকা, কামৰূপ April 27, 2022 8:30 am
Women tries to commit suicide

মঙ্গলবাৰে শুৱালকুছিত সংঘটিত এক ভয়াবহ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। তিনিবছৰীয়া সন্তানক নদীত দলিয়াই নিজেও আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী মহিলাই।

আত্মহত্যা কৰিবলৈ চেষ্টা কৰা মহিলা গৰাকী আৰু তিনি বছৰীয়া শিশুগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় শুৱালকুছি নদী আৰক্ষীয়ে।

নদী আৰক্ষীৰ কৰ্মৰত নাৱৰীয়া বুদ্ধেশ্বৰ দাসে উদ্ধাৰ কৰে মাতৃ-সন্তাক দুয়োজনকে।

আৰক্ষীয়ে মাতৃ-পুত্ৰক দুয়োকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

পাৰিবাৰিক কন্দলৰ বাবেই মহিলাগৰাকীয়ে এই পথ বাছি লোৱা বুলি সন্দেহ কৰা হৈছে।

বৰ্তমান অৱশ্যে দুয়োগৰাকী সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।