NORTHEAST NOW (Assamese)
অসম

প্ৰধানমন্ত্ৰী মোদীৰ সভাকলৈ এফালে সকলো ব্যস্ত, আনফালে মোদী মুৰ্দাবাদ ধ্বনিত কঁপিল বৰপেটা

Posted by: পুলেন্দ্র দাস, বৰপেটা Updated by: পুলেন্দ্র দাস, বৰপেটা April 28, 2022 3:21 pm

কেইবাটাও কাৰ্যসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উপস্থিত হৈছে অসমত ৷ শাসকীয় পক্ষৰ লগতে প্ৰশাসন যন্ত্ৰ এফালে ব্যস্ত হৈ পৰাৰ সময়তে মোদী মুৰ্দাবাদ ধ্বনিৰে কঁপিল বৰপেটা চহৰ ৷

গুজৰাটৰ দলিত নেতা তথা কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক মুক্তিৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি বৰপেটা চহৰত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনিৰ লগতে বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল হয় বৰপেটা চহৰ ৷

উল্লেখ্য যে, কোকৰাঝাৰত ৰুজু হোৱা গোচৰৰ পৰা জিগনেশ মেৱানীয়ে জামিন পোৱাৰ পিছত বিধায়ক গৰাকীক পুনৰ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজি প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰূপায়ন কৰা হয় মৌন প্ৰতিবাদ ৷

ফটো: নৰ্থইষ্ট নাও।

এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ লগতে কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷

বৰপেটা আৱৰ্ত ভৱনৰ সন্মুখত ৰূপায়ন কৰা মৌন প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পথেৰে ৰাজীৱ ভৱনলৈ যাব ওলোৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷

লগতে পঢ়ক: মূল্যবৃদ্ধি ৰোধৰ দাবীত মহানগৰীত আম আদমি পাৰ্টিৰ প্ৰতিবাদ

আৰক্ষীয়ে বাধা দিয়াত কংগ্ৰেছ নেতা-কৰ্মী সকলে ৰাজপথত বহি বিভিন্ন শ্লোগান দিয়ে ৷ ইয়াৰ পিছতে আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰতিবাদকাৰী সকল আগবঢ়াত আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ লগতে অইন নেতা কৰ্মীসকলক আটক কৰি বৰপেটা থানালৈ লৈ যায় ৷

আৰক্ষীৰ এনে ভূমিকাক লৈ কংগ্ৰেছ নেতা-কৰ্মীসকল সোচ্চাৰ হৈ পৰাৰ লগতে “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গো বেক, বিজেপি হায় হায়, গণতন্ত্ৰ ৰক্ষা কৰক, জিগনেশ মেৱানীক মুক্তি দিয়ক” আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷