NORTHEAST NOW (Assamese)
অসম

দিল্লীত অব্যাহত গ্ৰীষ্ম প্ৰবাহ: ৭২ বছৰৰ পিছত সৰ্বাধিক উষ্ণ দিনৰ সাক্ষী হৈ ৰ’ল দিল্লীবাসী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 30, 2022 12:15 pm

বতৰৰ পৰিৱৰ্তনেই হওঁক বা আন কোনো কাৰণতেই হওঁক,দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ লগতে সমগ্ৰ উত্তৰ ভাৰততে গ্ৰীষ্ম প্ৰবাহে কালান্তক ৰূপ ধাৰণ কৰিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত দিল্লীত ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰিছে।

এপ্ৰিলত ৰাজধানীৰ চহৰ খনৰ স্বাভাৱিক মাহিলী গড় তাপমাত্ৰা হৈছে ৩৬.৩০ ডিগ্ৰী চেলচিয়াছ। চহৰখনে এই মাহত তিনিটা দীঘলীয়া গ্ৰীষ্মপ্ৰবাহৰ মুখামুখী হৈছে।

গ্ৰীষ্ম প্ৰবাহৰ সমান্তৰাল ভাবে দিল্লীত সময়ে সময়ে পাতল বৰষুণো হৈছে।

যোৱা বছৰ এপ্ৰিল মাহত দিল্লীত মাহিলী গড় সৰ্বাধিক তাপমাত্ৰা আছিল ৩৭.৩০ ডিগ্ৰী চেলচিয়াছ।

২০২০ চনত ই ৩৫.৩০ ডিগ্ৰী চেলচিয়াছ আৰু ২০১৯ চনৰ এপ্ৰিল মাহত ই ৩৭.৩০ ডিগ্ৰী চেলচিয়াছ আছিল।

ৰাজধানী চহৰ খনত ২০১০ চনৰ ১৮ এপ্ৰিলত সৰ্বাধিক তাপমাত্ৰা ৪৩.৭ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল।

নতুন দিল্লীত সৰ্বকালৰ উচ্চ তাপমাত্ৰা হৈছে ৪৫.৬ ডিগ্ৰী চেলচিয়াছ। এই তাপমাত্ৰা ১৯৪১ চনৰ ২৯ এপ্ৰিলত নথিভুক্ত কৰা হৈছিল।

এইবেলি দিল্লীত তাপমাত্ৰাই ৪৬ ডিগ্ৰী চেলচিয়াছৰ ঘৰ চুব পাৰে বুলিও বহুতে আশংকা কৰিছে।