NORTHEAST NOW (Assamese)
অসম

ড্ৰাগছ ব্যৱসায়ীয়ে নতুন নতুন পন্থা লৈ থাকিব আৰু অসম আৰক্ষীয়ে যুঁজি থাকিব : মুখ্যমন্ত্ৰী

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী May 1, 2022 7:10 pm

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান কেন্দ্ৰিক এক মন্তব্য প্ৰদান কৰে।

ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰে অভিযান চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় “ড্ৰাগছ ব্যৱসায়ীসকলেও নতুন নতুন পন্থা অৱলম্বন কৰি থাকিব। কিন্তু অসম পুলিছে যুঁজ দি থাকিব”।

ড্ৰাগছ বিৰোধী যুদ্ধখনত ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষী বিজয়ী হ’ব বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইপিনে, অসমত কিয় মূল্যবৃদ্ধি হৈছে তাৰো কাৰণ বাখ্যা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দেশৰ বহুকেইখন ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ দাম ১১৮ টকা হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় “যদি অসমলৈ

কোনোবাই খাদ্যবস্ত আনে, আৰু পশ্চিমবংগত যদি ১১৮ টকা প্ৰতি লিটাৰত যদি তেল ভৰাই আনে, অসমত বস্তুৰ দাম বাঢ়িবই।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী শাসিত ৰাজ্যসমূহত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ আহ্বান জনোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

“এনে কৰিলে সামগ্ৰীৰ মূল্যত ইতিবাচক প্ৰভাৱ পৰিব।পশ্চিমবংগত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১১৮ টকা। ভাৰতৰ প্ৰতিখন ৰাজ্যতে পেট্ৰ’ল ডিজেলৰ দাম একেই হ’ব লাগে বুলি মোদী ডাঙৰীয়াই উল্লেখ কৰিছে”। মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতাৰ্থে জনাই থওঁ পশ্চিমবংগত পেট্ৰ’লৰ প্ৰতি লিটাৰত ১১৫.১ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৯৯.৮৩ টকা। যোৱা ২০ এপ্ৰিলৰ পৰা পশ্চিমবংগত হোৱা নাই পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি। ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ জ্ঞাতাৰ্থে জনাওঁ ট্ৰাকত আপুনি কোৱাৰ দৰে পেট্ৰ’ল নভৰাই ডিজেলহে ভৰায়।

মুঠৰ ওপৰত মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ কোনোপধ্যে চেষ্টা নকৰা বিজেপি চৰকাৰখনৰ নেতা মন্ত্ৰীয়ে দি গৈছে এটাৰ পাছত অদ্ভুত যুক্তি তথা ফৰ্মুলা