NORTHEAST NOW (Assamese)
অসম

দহ সহস্ৰাধিকৰ অংশগ্ৰহণেৰে শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ কাৰ্যসূচী সম্পন্ন

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ May 2, 2022 3:22 pm
Yoga programme held in Sivasagar

মোৰাৰজী দেশাই ইনষ্টিটিউট অৱ যোগা আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ সহযোগত আজি শিৱসাগৰত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ যোগ কাৰ্যসূচী।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

লগতে ৰাজ্যৰ শিক্ষা মন্ত্ৰী কেশৱ মহন্ত, উত্তৰপূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যৰ মন্ত্ৰীৰ লগতে অসমৰো বহুকেইজন মন্ত্ৰী-বিধায়কে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

প্ৰায় ১০ হাজাৰ লোকৰ উপস্থিতিত আজিৰ এই যোগ কাৰ্যসূচী অনুষ্ঠিত হয়।

উল্লেখ্য যে ২০১৫ চনৰ পৰা ২১ জুন তাৰিখ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি আহিছে।

ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনৰ পূৰ্বৰে পৰা যোগ উৎসৱ পালন কৰিছে কেন্দ্ৰীয় চৰকাৰে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৫০ দিন বাকী থকা অৱস্থাত আজি ঐতিহাসিক শিৱসাগৰৰ শিৱদ’ল প্ৰাঙ্গণত আয়োজন কৰা হয় যোগ উৎসৱ।