NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ আঁৰৰ খৱৰ: ৰাছিয়াৰ ১৭০ ৰাজনৈতিক নেতা আৰু প্ৰতিষ্ঠানৰ ওপৰত নিষেধাজ্ঞা নিউজিলেণ্ডৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2022 11:20 am

ইউক্ৰেইন বিষয়কলৈ ৰাছিয়াৰ ১৭০গৰাকী ৰাজনৈতিক নেতা (ছিনেটৰ) আৰু ৬টা প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে নিউজিলেণ্ডে। সোমবাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে।

বাতৰি মতে ইউক্ৰেইনত সামৰিক অভিযান চলোৱাৰ বাবে ৰাছিয়াৰ শতাধিক ৰাজনীতিক তথা প্ৰতিষ্ঠানৰ ওপৰত এইদৰে নিউজিলেণ্ডে নিষেধাজ্ঞা আৰোপ কৰিছে। এই ব্যক্তিসকল আৰু প্ৰতিষ্ঠানকেইটাই ইউক্ৰেইনৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ কৰা হৈছে।

লগতে পঢ়ক: ‘ৰাছিয়া-ইউক্ৰেইন যুদ্ধত কোনো জয়ী নহয়’- সন্তুলন ৰক্ষা কৰি জাৰ্মানীৰ বিপৰীত সুৰ মোদীৰ

নিউজিলেণ্ডৰ বৈদেশিক মন্ত্ৰী নানিয়া মাহুতাই ঘোষণা কৰিছে যে এতিয়ালৈকে ৪০০গৰাকী ৰাছিয়াৰ নেতা, ব্যৱসায়ী তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে নিষেধাজ্ঞাৰ তালিকাত থকা ব্যক্তিসকলক নিউজিলেণ্ডত কামকাজ চলোৱাৰ পৰা নিষিদ্ধ কৰা হ’ব আৰু ইউক্ৰেইনত ৰাছিয়াৰ বেআইনী কাৰ্যকলাপৰ সৈতে জড়িতসকলক নিউজিলেণ্ডত আৰ্থিক বিনিয়োগ বা সমৰ্থনৰ ক্ষেত্ৰত বাধা দিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নিউজিলেণ্ডে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।