NORTHEAST NOW (Assamese)
অসম

পুনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত প্ৰৱঞ্চক দালাল চক্ৰ; এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী May 5, 2022 2:47 pm
WhatsApp Image 2022-05-05 at 2.21.04 PM

বুধবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ ও হাস্পাতালত (জিএমচিএইচ) পুনৰ হাতে-লোটে ধৰা পৰিল ৰঞ্জন দত্ত নামৰ এজন দালাল।

ভুক্তভোগী ৰোগীৰ পৰিয়ালে এজাহাৰ দাখিল কৰে আৰু এই এজাহাৰৰ ভিত্তিতে ভঙাগড় থানাই ৰঞ্জন দত্তক গ্ৰেপ্তাৰ কৰে।

দীৰ্ঘদিনৰ পৰা আই চি ইউ কেবিন, ব্লাড ৰিপোৰ্ট কাৰ্ড দিয়াৰ নামত ৰোগীৰ পৰা ধন সৰকাই আহিছিল প্ৰবঞ্চক ৰঞ্জন দত্তই।

লগতে পঢ়ক: টীয়কৰ ভগামুখত পিষ্টল সহ যুৱক গ্ৰেপ্তাৰ

ৰঞ্জন দত্তই ৰোগীৰ পৰা হাজাৰ হাজাৰ টকা সৰকাইছিল বুলি অভিযোগ উঠিছে। ৩০০০/৪০০০ টকাত ৰোগীক বিভিন্ন কাম কৰি দিয়াৰ প্ৰলোভন দি আহিছিল ৰঞ্জন দত্তই। কিন্তু ধন হাতত পৰাৰ পিছতেই উধাও হয় এইটো প্ৰবঞ্চক।