NORTHEAST NOW (Assamese)
অসম

দেৰগাৱত পাঁচ বছৰীয়া কন্যা সন্তানক হত্যা কৰি মাতৃৰ আত্মহত্যাৰ অপচেষ্টা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 10, 2022 9:06 pm
Woman allegedly kills 5-year-old daughter

গোলাঘাটৰ দেৰগাঁৱত আজি ৫ বছৰীয়া এটি কন্যা শিশু মৃত অৱস্থাত উদ্ধাৰ হৈছিল। মৃত শিশুটিক নিজ মাতৃয়ে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

আনহাতে শিশুটিৰ মাতৃকো নিজ বাসগৃহত শিশুটিৰ মৃতদেহৰ কাষতে ৰক্তক্ষৰণ হৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

আহত মহিলাগৰাকীক বনশ্ৰী সেনাপতি বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় লোকে মহিলাগৰাকীক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে।

স্থানীয় লোকসকলৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে শিশুটিক হত্যা কৰি মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

অৱশ্যে আৰক্ষীয়ে ঘটনাটোত আন কোনোবা জড়িত আছিল নেকি সেই সন্দৰ্ভত তদন্ত কৰি আছে।