NORTHEAST NOW (Assamese)
অসম

দেশত পুনৰ কোভিডৰ ৰঙা চকু! বৃদ্ধি পালে দৈনিক সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 29, 2022 10:42 am

দেশত শুকুৰবাৰে পূৰ্বৰ দিনৰ তুলনাত পুনৰ বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা। সেইদৰে সক্ৰিয় ৰোগীৰ সংখ্যাও বাঢ়িছে। স্বাভাৱিকতে স্বাস্থ্যসেৱা আৰু প্ৰশাসনৰ বাবে চিন্তা বৃদ্ধি পাইছে।  

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ মুঠ ৩,৩৭৭জন লোক কোভিডত আক্ৰান্ত হৈছে। ইয়াৰ ফলত দেশত এতিয়ালৈকে মুঠ কোভিড আক্ৰান্ত লোকৰ সংখ্যা ৪কোটি ৩০লাখ ৭২হাজাৰ ১৭৬জনলৈ বৃদ্ধি পালে।

লগতে পঢ়ক: মৰ্মান্তিক! খেলিছিল লুকাভাকু; আইচক্ৰীমৰ ফ্ৰীজাৰত উদ্ধাৰ দুটি শিশুৰ নিথৰ দেহ

বৃহস্পতিবাৰতকৈ আজি দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৮২১জন বৃদ্ধি পাইছে। বৰ্তমান দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৭হাজাৰ ৮০১জন।

বিগত ২৪ ঘন্টাত দেশত ৬০জন লোকৰ কোভিডত মৃত্যু হৈছে। এতিয়ালৈকে দেশত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা হৈছে ৫লাখ ২৩হাজাৰ ৭৫৩জন।

বিগত ২৪ ঘন্টাত দেশত ২,৪৯৬জন লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে। দেশত বৰ্তমান সুস্থতাৰ হাৰ হৈছে ৯৮.৭৪ শতাংশ।

বিশেষজ্ঞসকলে দাবী কৰা মতে দেশত কোভিডৰ সংক্ৰমণ আকৌ বৃদ্ধি পাব যদিও এইবাৰ কোভিড কিমান মাৰাত্মক হৈ উঠিব  সেয়া স্পষ্ট কৰা নাই।

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ ভ্ৰমণৰ মাজতে কীয়েভত ৰাছিয়াৰ ৰকেট আক্ৰমণ; ক্ষুব্ধ গুটেৰেছৰ প্ৰতিক্ৰিয়া

ইপিনে, দেশত ভেকচিন প্ৰদানৰ কাম চলি আছে। ৬০ বছৰৰ উৰ্দ্ধৰ লোকসকলক ভেকচিনৰ তৃতীয় পালি দিয়াৰ বাবে স্বাস্থ্য বিভাগক তৎপৰ হ’বলৈ কোৱা হৈছে।