NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী May 12, 2022 1:22 pm
Karbi Anglong Autonomous Council election

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হৈছে।

ৰাজ্যৰ নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে এক সংবাদমেল সম্বোধন কৰি নিৰ্বাচনৰ দিন ঘোষণা কৰে।

তেওঁ জনোৱা অনুসৰি মুঠ ২৬টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচন অহা ৮ জুনত অনুষ্ঠিত হ’ব।

পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা আবেলি ৪ বাজি ৩০ মিনিটলৈ ভোটদান প্ৰক্ৰিয়া অব্যাহত থাকিব।

উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭ লাখ ৩ হাজাৰ ৯৮জন।

মুঠ ৯০৬টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

অহা ১২ জুনত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ব।