NORTHEAST NOW (Assamese)
Popular Stories

পেট্ৰ’ল-ডিজেলৰ দাম চৰা, সেয়ে বিয়া কৰাবলৈ ম’হৰ গাড়ীতে উঠি আহিল দৰা!

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ May 13, 2022 9:51 am

পেট্ৰ’ল-ডিজেলৰ মহঙা দামৰ দিনত এইবাৰ দৰা ওলাল ম’হৰ গাড়ীত উঠি কইনা আনিবলৈ। অতীত পৰম্পৰাক মনত পেলাই মূল্যবৃদ্ধিৰ নীৰৱ প্ৰতিবাদেৰে জীৱন আৰম্ভ কৰাৰ বাবে আগবাঢ়িল এইগৰাকী যুৱক।

আয়তীৰ উৰুলি, মংগল ধ্বনিৰ লগতে সমনীয়াৰ আনন্দ-উল্লাসত কলিয়াবৰৰ বৰভগীয়া গাঁৱৰ সমৰজিত বৰাই কন্যা আনিবলৈ গ’ল ম’হৰ গাড়ীত।

মাহ-হালধিৰে নোৱাই ধুৱাই দৰাৰ লগতে দৰাৰ সখীও ম’হৰ গাড়ীত কইনা আনিবলৈ গ’ল। বেণ্ড পাৰ্টিৰ চেওত, আতচবাজীৰ শব্দত মুহূৰ্ততে স্মৃতিকাতৰ হৈ পৰিল উপস্থিত বহুজন।

ফটো: নৰ্থইষ্ট নাও।

এইদৰেই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগতে অতীতৰ পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিলে কলিয়াবৰৰ বৰভগীয়া গাঁৱৰ যুৱকসকলে। যুৱকসকলৰ এনে প্ৰচেষ্টাৰ সকলোৱে শলাগ ল’লে ।