NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

সংযুক্ত আৰৱ আমিৰাটৰ ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল-নাহিয়ানৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 13, 2022 5:07 pm
UAE President Died

সংযুক্ত আৰৱ আমিৰাটৰ ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল-নাহিয়ানৰ আজি মৃত্যু হয়। ৭৩ বছৰীয়া নেতাজন কেইবা বছৰ ধৰি অসুস্থতাৰ সৈতে যুঁজি আছিল।

আমিৰাটৰ ৰাষ্ট্ৰপতি পৰিক্ৰমা মন্ত্ৰালয়ে শুক্ৰবাৰৰ পৰা ৪০ দিনৰ বাবে ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। এই সময়ছোৱাত আমিৰাটৰ পতাকা অৰ্ধনমিত হৈ ৰ’ব।

তদুপৰি আজিৰ পৰা অনাগত তিনি দিনৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কাম-কাজ স্থগিত ৰখা হ’ব বুলিও মন্ত্ৰালয়ে ঘোষণা কৰিছে।

উল্লেখ্য যে শ্বেখ খলিফাই ২০০৪ চনৰ নৱেম্বৰত ইউ.এ.ই.-ৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

২০১৪ চনৰ পৰা তেওঁৰ ষ্ট্ৰোকৰ পিছত কৰা অস্ত্ৰোপচাৰৰ পিছত তেওঁ কাচিৎহে ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰিছিল।

এনে পৰিস্থিতিত শেহতীয়াকৈ তেওঁৰ ভাতৃ আবু ধাবিৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন জায়েদক ইউ.এ.ই.-ৰ প্ৰকৃত শাসক হিচাপে দেখা গৈছিল।