NORTHEAST NOW (Assamese)
Popular Stories

লুকাই থকা জামাতিক “দেশদ্ৰোহী” আখ্যা বিধায়িকা আঙুৰলতা ডেকাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 6, 2020 8:17 pm
লুকাই থকা জামাতিক “দেশদ্ৰোহী” আখ্যা বিধায়িকা আঙুৰলতা ডেকাৰ

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰি তাৰ পৰা আহি লুকাই থকা জামাতিক “দেশদ্ৰোহী” আখ্যা দিছে ব্ৰটদৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় ‘নিজামুদ্দিনৰ পৰা আহি যদি এনেকৈ লুকাই চুৰকৈ থাকে তেন্তে ইয়াতকৈ দেশদ্ৰোহিতা বেলেগ কোনো থাকিব নোৱাৰে।‘

এনেদৰে জামাতীসকলে লুকাই থাকিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰি থকা কষ্ট ব্যৰ্থ হ’ব বুলিও তেওঁ কয়।

তেওঁ লগতে কয় ‘ক’ৰ’না ভাইৰাছে জাতি-ধৰ্ম ভাষা নিৰ্বিশেষ কাকো চিনি নাপায়। ৰজাৰ পৰা প্ৰজালৈকে সকলোৱে এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে।‘

এই অশুভ শক্তিক একতাৰ বলৰেহে পৰাস্ত কৰিব পৰা যাব বুলি বিধায়কগৰাকীয়ে সদৰী কৰে।

ইপিনে, ধিং সমষ্টিত এনেদৰে বহুখিনি জামাতী লুকাই আছে বুলি বিধায়িকাই গুৰুতৰ অভিযোগ তোলাৰ লগতে সেইসকলক ওলাই আহিবৰ বাবে আহ্বান জনায়।