NORTHEAST NOW (Assamese)
অসম

আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকৰ বাবে খাদ্য যোগান ধৰিলে শিক্ষকে

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক April 6, 2020 7:54 pm
IMG_20200406_095735

কোভিড-১৯ ৰ সংক্ৰমণক বাধা দিয়াৰ উদ্দেশ্যে বাক্সা জিলাৰ নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত ১১ জনকৈ লোকক ৰাখি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে।

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খনত কোৱাৰেণ্টাইনত ৰখা ১১ গৰাকী লোকক চৰকাৰী ভাৱে খোৱা লোৱাৰ ব্যৱস্থা নকৰাত চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ মনোহৰ দাসে নিজা ববীয়াকৈ খাদ্যৰ যোগান ধৰি আহিছে।

এই কথা জানিব পাৰি তামুলপুৰৰ বটিয়ামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আদিত্য সিংহই আজি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত উপস্থিত হয় আৰু চিকিৎসকৰ উপস্থিতিত কোৱাৰেণ্টাইন হৈ থকা লোক কেইজনৰ অৱস্থাৰ বুজ লয়।

লোক কেইজনৰ খবৰ লোৱাৰ উপৰি আদিত্য সিংহই এই লোক কেইজনৰ খোৱাৰ বাবে চাউল, দাইল, মিঠাতেল, নিমখ আৰু কেঁচা শাক-পাচলিৰ টোপোলা চিকিৎসালয় খনৰ অধীক্ষক ডাঃ মনোহৰ দাসৰ হাতত অৰ্পণ কৰে।

শিক্ষক গৰাকীৰ এনে মহানুভৱতাৰ বাবে তেওঁক চিকিৎসালয় কৰ্তৃপক্ষই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।